দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে৷
দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে৷
দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছে৷ আগন্তুক নিগম নিকায় নিৰ্বাচন সন্দৰ্ভত বৈঠকত আলোচনা কৰে দলীয় নেতৃত্বই ৷ উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত প্ৰমুখ্যে দলৰ কেন্দ্ৰীয় কমিটীৰ সদস্যসকল ৷
আগন্তুক নিগম নিকায় নিৰ্বাচনক লৈ অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ নিগম নিকায় নিৰ্বাচনত মিত্ৰতাত থাকি নিৰ্বাচন খেলাৰ পোষকতা কৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷
অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সন্দৰ্ভত কলিতাই কয় যে, 'পূৰ্বৰ পৰিবেশ বেলেগ আছিল এতিয়া বেলেগ হৈছে ৷ বিধানসভা নিৰ্বাচন হোৱাৰ প্ৰায় ছয় মাহ হৈছেহে ৷ গতিকে আমি অকলে খেলাৰ প্ৰশ্ন নাহে ৷ যদি বিজেপিয়ে অকলে খেলে তেতিয়া আমাৰ দলে বিবেচনা কৰিম ৷ নিৰ্বাচনৰ বাবে সকলোৱে প্ৰস্তুত থাকিব লাগে, অগপ দলেও প্ৰস্তুতি চলাই আছে।'
'অগপই পূৰ্বেও মিত্ৰতাত থাকি অথবা অকলে নিৰ্বাচন খেলিছে ৷ সময়ে যি আহ্বান জনাই আমি সেইমতে আগবাঢ়ি যাম ৷'- এনেদৰে কয় অগপৰ বিধায়কগৰাকীয়ে। ইপিনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শেহতীয়াকৈ বিভিন্ন দল সংগঠনে হুংকাৰ প্ৰদান কৰিছে ৷ তাক লৈ অগপৰ স্থিতি সন্দৰ্ভত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, 'দলৰ কি স্থিতি সেয়া ৰাইজে দেখিছে ৷ গতিকে কোৱাৰ কোনো প্ৰয়োজন নাই ৷'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|