আমবাৰীত প্ৰফুল্ল মহন্তৰ নেতৃত্বত অগপৰ বৈঠক, পিছে অতুল বৰা শিবিৰে এৰা নাই কাৰ্যালয়ৰ দুয়োটা মহলা

News18 Assam | News18-Assam
Updated:January 7, 2020, 12:07 PM IST
আমবাৰীত প্ৰফুল্ল মহন্তৰ নেতৃত্বত অগপৰ বৈঠক, পিছে অতুল বৰা শিবিৰে এৰা নাই কাৰ্যালয়ৰ দুয়োটা মহলা
দুভাগত বিভক্ত অসম গণ পৰিষদ! মহন্তৰ অনুষ্ঠানৰ বাবে স্থান নাই আমবাৰীত।

দুভাগত বিভক্ত অসম গণ পৰিষদ! মহন্তৰ অনুষ্ঠানৰ বাবে স্থান নাই আমবাৰীত।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ দুটা শিবিৰত বিভক্ত হৈছে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদ৷ সভাপতি অতুল বৰা শিবিৰ CAAৰ সমৰ্থনত থকাৰ বিপৰীতে প্ৰফুল্ল কুমাৰ মহন্তৰ শিবিৰে কৰি আহিছে CAAৰ তীব্ৰ বিৰোধিতা৷

আমবাৰীৰ মুখ্য কাৰ্যালয়ত আজি (মঙলবাৰে) প্ৰফুল্ল কুমাৰ মহন্ত পন্থীয়ে কেইখনমান জিলা সমিতিৰে মত বিনিময় অনুষ্ঠান আয়োজন কৰাৰ সময়তে মহন্তক প্ৰতিৰোধ কৰিবলৈ তৎপৰ হৈ উঠিছে অতুল বৰা শিবিৰ৷ মহন্তপন্থীয়ে যাতে মত বিনিময় অনুষ্ঠান কৰিব নোৱাৰে তাৰ বাবে অগপ কাৰ্যালয়ৰ ওপৰ মহলাত হ’ব যুৱ পৰিষদৰ বৈঠক৷ তলৰ মহলাও নাপাব মহন্তপন্থীয়ে৷ তলৰ মহলাত হ’ব মহিলা পৰিষদৰ বৈঠক৷

অৰ্থাৎ একপ্ৰকাৰ আমবাৰীত মঙলবাৰে মত বিনিময় অনুষ্ঠান কৰিবলৈ নাপাব স্থান৷ সম্প্ৰতি ১৪জন বিধায়কৰ ৪জন বিধায়ক আছে প্ৰফুল্ল কুমাৰ মহন্ত শিবিৰত৷ মহন্ত শিবিৰত আছে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, লখিমপুৰৰ বিধায়ক উৎপল দত্ত আৰু পাটাছাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকা৷ নাহৰকটীয়াৰ বিধায়ক নৰেণ সোণোৱালৰ স্থিতি এইপৰ্যন্ত স্পষ্ট নহয়৷ নৰেণ সোণোৱালক বাদ দি অতুল বৰা শিবিৰত আছে ৯জন বিধায়ক৷ অৱশ্যে এটা কথা ঠিক যে মঙলবাৰে আমবাৰীত স্পষ্ট হ’ব কোন শিবিৰৰ শক্তি কিমান৷


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি