প্ৰত্যাশিত ভাবেই অগপৰ হাতৰ পৰা বিজেপিয়ে কাঢ়ি নিলে বঢ়মপুৰ সমষ্টি। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক টিকট বঞ্চিত কৰি এইবাৰ বিজেপি মিত্ৰজোঁটে টিকট দিলে জিতু গোস্বামীক।
দীৰ্ঘদিন ধৰি অগপৰ দখলত থকা সমষ্টিতো দলীয় নেতৃত্বই ধৰি ৰাখিব নোৱাৰাত এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে দলীয়া কৰ্মীয়ে। বঢ়মপুৰ সমষ্টি অগপই হেৰুওৱাৰ পিছতে অগপৰ বিধান পৰিষদৰ গোপন বৈঠক অনুষ্ঠিত হয়। বিধানসভা পৰিষদৰ বৈঠকত হুলস্থূলীয়া পৰিৱেশৰো সৃষ্টি হয়।
বৈঠকত উল্লেখ কৰে যে, অগপৰ সদস্যই দলীয় পতাকাৰ তলতে থাকি নিৰ্বাচন পাৰ কৰিব। গঠন নকৰে অগপ প্ৰগতিশীল। আনহাতে ৩৫ বছৰে অগপৰ দখলত থকা বঢ়মপুৰ সমষ্টিত অগপই প্ৰাৰ্থিত্ব দিব নোৱাৰাতো লজ্জাৰ বিষয় বুলি উল্লেখ কৰে দলটোৰ একাংশ নেতাই।
ইফালে প্ৰফুল্ল কুমাৰ মহন্তক প্ৰাৰ্থিত্ব নিদিলেও অগপৰ প্ৰাৰ্থী দিবলৈ দাবী জনাইছে বঢ়মপুৰ সমষ্টিৰ অগপৰ কৰ্মীয়ে। অন্যথা অগপ কৰ্মীয়ে দিলে বঢ়মপুৰত নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ। ইতিমধ্যে বঢ়মপুৰত অগপৰ প্ৰাৰ্থী বিচাৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰস্তাব প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 05, 2021, 20:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।