অসম গণ পৰিষদ দলৰ বিধায়িনী দলৰ তৰফৰ পৰা দিছপুৰৰ জনতা ভৱনত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকাৰ বৰঙণি আগবঢ়ায়।
দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা (Minister Atul Bora) আৰু কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত দলটোৰ মুঠ ছয়গৰাকী বিধায়ক আৰু এগৰাকী সাংসদে মুঠ পাঁচ লাখ টকাৰ চেক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) হাতত অৰ্পণ কৰে।
মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ দুৰ্গত জনসাধাৰণৰ স্বাৰ্থত অসম গণ পৰিষদ দলৰ বিধায়ক তথা সাংসদে গ্ৰহণ কৰা এনে ভূমিকাৰ শলাগ লয়। বিধায়কৰ দলটোত আছিল অতুল বৰা, কেশৱ মহন্ত, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পৃথ্বীৰাজ ৰাভা, পোনাকণ বৰুৱা আৰু প্ৰদীপ হাজৰিকাৰ লগতে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।
অসম গণ পৰিষদ দলৰ নেতা কেইগৰাকীয়ে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত (Flood Victim) সকলো ৰাইজকে প্ৰয়োজনীয় সাহায, পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|