ইউপিপিএল, অগপ আৰু বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল সাজু কৰা বুলি মন্তব্য কৰে ভৱেশ কলিতাই।
ইউপিপিএল, অগপ আৰু বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল সাজু কৰা বুলি মন্তব্য কৰে ভৱেশ কলিতাই।
মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰ কোনো ফেক্টৰ নহয়। ৰঙিয়াত এখন সভাত এই মন্তব্য কৰে মন্ত্ৰী ভৱেশ কলিতাই। মহাজোঁটৰ প্ৰাৰ্থীক সুবিধাবাদী আখ্যা অগপ নেতাৰ। মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে সোমবাৰে ৰঙিয়াৰ অগপ কাৰ্যালয়ত অগপ আৰু বিজেপিৰ এখন যুটীয়া কৰ্মী সভা অনুষ্ঠিত হয়। সভাখনত অগপৰ ৰঙিয়া বিধান পৰিষদৰ প্ৰতিটো আঞ্চলিকৰ সভাপতি, সম্পাদক আৰু কৰ্মকৰ্তাৰ লগতে ৰঙিয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেশ কলিতাই অংশগ্ৰহণ কৰে।
ইউপিপিএল, অগপ আৰু বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল সাজু কৰা বুলি মন্তব্য কৰে ভৱেশ কলিতাই। লগতে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ গোৰেশ্বৰলৈ অহাৰ কথাও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগবান দেৱ মিশ্ৰ কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰে অগপ কৰ্মীয়েও। বিজেপিৰ উন্নতিক আন প্ৰাৰ্থীয়ে প্ৰত্যাহ্বান জনাব নোৱাৰে বুলি মন্তব্য। অনাগত দিনত ভৱেশ কলিতাৰ হৈ প্ৰচাৰ চলাবলৈ আগ্ৰহী অগপ। আনহাতে মহাজোঁটৰ প্ৰাৰ্থীগৰাকীক সুবিধাবাদী আখ্যা অগপ কৰ্মী অৰ্ণৱ ভৰালীৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|