বহু জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ একক সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো অগপ-বিজেপি মিত্ৰজোঁটে (AGP-BJP alliance) আজি ৱাৰ্ড কমিছনাৰ মতিউৰ ৰহমানৰ সভাপতিত্বত হোজাই জিলা উপায়ুক্তৰ উপস্থিতত ডবকা পৌৰসভা গঠন কৰে। উল্লেখযোগ্য যে ডবকা পৌৰ সভাত ১০ টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছে ৩ টা, এ আই ইউ ডি এফে ২ টা ,অগপই ২ টা , বিজেপিয়ে ২ টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১ টা ৱাৰ্ডত জয়লাভ কৰিছিল।
পৌৰ সভা গঠন কৰিবলৈ হ'লে ৬ জন সদস্যৰ সমৰ্থনৰ দৰকাৰ। সেই অনুযায়ী কংগ্ৰেছ আৰু AIUDFৰ হাতত পাঁচ জন ৱাৰ্ড সদস্য-সদস্যা আছিল। বিধায়ক-সাংসদৰ ভোট লৈ তেওঁলোকৰ মুঠ ভোট হয়গৈ ৭টা ৷ গতিকে তেওঁলোকে অনায়াসে ডবকা পৌৰ সভা গঠন কৰিব পাৰিলেহেঁতেন ৷ কিন্তু হঠাতে পট পৰিৱৰ্তন হয়। কংগ্ৰেছৰ এগৰাকী ৱাৰ্ড সদস্যা আৰু নিৰ্দলীয় ৱাৰ্ড সদস্যগৰাকীয়ে অগপত যোগদান কৰে।
ফলত AGPৰ সদস্যৰ সংখ্যা ৪ গৰাকী হয়। বিজেপিৰ ২ সদস্যক লৈ মিত্ৰজোঁটৰ মুঠ সদস্য সংখ্য হয় ৬ গৰাকী ৷ সেয়ে মিত্ৰজোঁটে ডবকা পৌৰ সভা গঠন কৰিবলৈ সক্ষম হয় ৷ কংগ্ৰেছৰ নিৰ্বাচিত সদস্যা মিনাৰা বেগমে অগপত যোগদান কৰিয়েই বিজেপি মিত্ৰজোঁটৰ ডবকা পৌৰসভাৰ সভানেত্ৰী হিচাপে শপত লয়।
পৌৰসভাৰ সভানেত্ৰী মিনাৰা বেগম আৰু ৱাৰ্ড সদস্য দহজনক শপতবাক্য পাঠ কৰায় হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে। বিজেপিৰ পিংকি দাস ভৌমিকে উপ সভানেত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানত হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দে আৰু অগপৰ হোজাই জিলা সভাপতি ৰেজাউল কৰিম চৌধুৰীও উপস্থিত থাকে৷
ইপিনে পৌৰসভা গঠনৰ পিছতেই সৰৱ হৈ পৰে কংগ্ৰেছ মহল, সামাজিক মাধ্যমত ব্যাপক ক্ষোভ প্ৰকাশ কৰি পোষ্ট দিয়াৰ লগতে বিয়লিৰ ভাগত ডবকা পৌৰসভা গঠনক কেন্দ্ৰ কৰি এ আই ইউ ডি এফৰ সভাপতি বদৰ উদ্দিন আজমলৰ বিৰুদ্ধে সংবাদ মেল আয়োজন কৰি সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ৰেহান উদ্দিনে৷
তেওঁ এ আই ইউ ডি এফৰ পৰোক্ষ সমৰ্থনত ডবকা পৌৰসভা ( Doboka municipality) অগপ-বিজেপি মিত্ৰজোঁটে গঠন কৰিছে বুলি অভিযোগ কৰে। এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ নিৰ্দেশত বিজেপিক সমৰ্থন কৰি ডবকা পৌৰ সভা গঠন কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|