உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পৌৰসভাৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত অব্যাহত থাকিব মিত্ৰতা ! বঙাইগাঁৱত ঘোষণা সভাপতি ভৱেশ কলিতাৰ ...

    পৌৰসভাৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত অব্যাহত থাকিব মিত্ৰতা ! বঙাইগাঁৱত ঘোষণা সভাপতি ভৱেশ কলিতাৰ ...

    সমাগত ৰাজ্যৰ ৮১ খনকৈ পৌৰসভাৰ নিৰ্বাচনৰ বাবে দল সম্পূৰ্ণ সাজু হৈ থকা বুলি উল্লেখ কৰি অগপ আৰু বিজেপিয়ে বুজাবুজিৰ মাজৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই জানিবলৈ দিয়ে।

    • Share this:
    আগন্তুক পৌৰসভাৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত হ’ব মিত্ৰতা ৷ বঙাইগাঁৱত উপস্থিত হৈ এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

    সমাগত ৰাজ্যৰ ৮১ খনকৈ পৌৰসভাৰ নিৰ্বাচনৰ বাবে দল সম্পূৰ্ণ সাজু হৈ থকা বুলি উল্লেখ কৰি অগপ আৰু বিজেপিয়ে বুজাবুজিৰ মাজৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি তেঁও জানিব দিয়ে ৷ ইফালে , আগন্তুক ৰাজ্যসভাৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনতো মিত্ৰজোটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি কলিতাই জানিব দিয়ে ৷ আনহাতে প্ৰাক্তন সাংসদ আৰপি শৰ্মাই ৰাজ্যসভাৰ নিৰ্বাচনত ঘোৰা কিনা বেচাৰ বাবে উত্থাপন কৰা অভিযোগ নুই কৰি সভাপতি কলিতাই মিত্ৰজোটৰ লগত পৰ্যাপ্ত ঘোৰা মজুত থকা বুলি তেঁও মন্তব্য কৰে ৷ ইফালে বিটিআৰত ইউপিএলএলৰ সৈতে মিত্ৰতা অব্যাহত আছে যদিও উন্নয়ণৰ স্বাৰ্থত বিপিএফ দলে বিধানসভাত বিজেপি নেতৃত্বাধীন মিত্ৰজোটক সমৰ্থন কৰি যাব বুলি তেওঁ জানিব দিয়ে ৷ আগন্তুক পৌৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত বিশেষ সাংগঠনিক সভাত অংশ গ্ৰহণ কৰে সভাপতি ভৱেশ কলিতাই ৷
    Published by:Kokil Sarma
    First published: