বঢ়মপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ একত্ৰিত হ’ল অগপ বিধান পৰিষদ। চৰ্তসাপেক্ষে বিজেপি প্ৰাৰ্থী জিতু গোস্বামীক সহায় কৰিব অগপ বিধান পৰিষদে। সম অধিকাৰৰ দাবী তুলিলে অগপ বিধান পৰিষদে।
১৯৮৫ চনৰ পৰা অগপ দলৰ দখলত থকা বঢ়মপুৰ বিধানসভা সমষ্টিত এইবাৰ অগপ–বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপিৰ জিতু গোস্বামীক দলীয় টিকত প্ৰদান কৰে। ৩৫ বছৰ অগপৰ দখলত থকা সমষ্টিটোত ১৯৯০ চনৰ পৰা প্ৰফুল্ল কুমাৰ মহন্তৰ দখলত আছে। মহন্তৰ নিষ্ঠাবান কৰ্মীসকল থকাৰ বাবে ২০০৬ চনত অগপ বিভাজন হোৱাৰ সময়টো অগপ (প্ৰ)দলৰ পৰা প্ৰফুল্ল কুমাৰ মহন্তই জয়লাভ কৰিবলৈ সক্ষম হৈছিল।
কিন্তু এইবাৰ ২০২১ চনৰ নিৰ্বাচনত প্ৰফুল্ল মহন্তক শাৰীৰিক অসুস্থতাৰ দোহাই দি মিত্ৰদলে টিকত নিদি বিজেপিৰ জিতু গোস্বামীক টিকত দিয়াত অগপৰ দুৰ্গ হিচাপে পৰিচিত সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে অগপৰ অসন্তুষ্ট কৰ্মীসকলৰ জৰিয়তে জয়লাভ কৰিব বুলি আশা কৰিছিল যদিও সমষ্টিটোৰ ২৫টা আঞ্চলিক আৰু ৪টা নগৰ সমিতি বঢ়মপুৰ শ্বহীদ ভৱনত একত্ৰিত হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীক জয়লাভ কৰোৱাৰ সংকল্প লয়।
এই বিষয়টোৱে কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী সুৰেশ বৰাৰ বাবে নেতিবাচক খবৰ হিচাপে বিবেচিত হৈছে। বৰ্তমান সময়ত সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকীৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ আছে। উল্লেখযোগ্য যে বঢ়মপুৰ শ্বহীদ ভৱনত শতাধিক অগপ কৰ্মী একত্ৰিত হৈ এখন কৰ্মী সভা অনুষ্ঠিত কৰে। বঢ়মপুৰ অগপ বিধান পৰিষদৰ কৰ্মী সভাত সমষ্টিটোৰ বহুকেইগৰাকী অগপ নেতাই যোৱা চৰকাৰত বিজেপি কৰ্মীসকলে অগপ কৰ্মকৰ্তাসকলক মাহীআইৰ দৃষ্টিৰে চোৱাৰ কথা উল্লেখ কৰে।
সভাত অগপ কৰ্মীসকলে একত্ৰিত হৈ বিজেপি প্ৰাৰ্থীগৰাকীক জয়লাভ কৰোৱাৰ পিছত অগপ কৰ্মী সকলক সমদৃষ্টিৰে চোৱাৰ বাবে আহ্বান জনায়। অগপ কৰ্মীসকলক সম অধিকাৰ সমমৰ্যাদা দিয়াকে ধৰি পাঁচটাকৈ চুক্তিসম্বলিত এখন পত্ৰ দি জিতু গোস্বামীয়ে জয়লাভ কৰাৰ পিছত অগপ কৰ্মীৰ হৈ সেই চুক্তিমতে কাম কৰিবলৈ চুক্তিবদ্ধ কৰে।
সভাত জিতু গোস্বামীয়ে অগপ কৰ্মীসকলক ত্ৰিশ বছৰ ধৰি প্ৰফুল্ল কুমাৰ মহন্তৰ হৈ সংঘবদ্ধভাৱে কাম কৰি থকা অগপ কৰ্মীসকলৰ আৱেগ অনুভুতিক সদায় শ্ৰদ্ধা কৰি যাম বুলি উল্লেখ কৰি জিতু গোস্বামীয়ে সকলো ক্ষেত্ৰতে অগপ বিজেপিক সমঅধিকাৰ দিয়া হ’ব বুলি উল্লেখ কৰে। প্ৰতিটো সিদ্ধান্ত বিধান পৰিষদৰ লগত মিলি কৰি যাম বুলি উল্লেখ কৰি সকলো কামত অগপ আঞ্চলিক সমিতিসমূহে অধিক গুৰুত্ব লাভ কৰিব বুলি উল্লেখ কৰে। উল্লেখ্য যে এই সভাখনৰ জৰিয়তে আগন্তুক নিৰ্বাচনত জিতুমণি গোস্বামী জয়ী হোৱাৰ ক্ষেত্ৰত এক ইতিবাচক দিশ হিচাপে বিবেচিত হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|