உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • AGP-BJP Alliance in Civic Body Election: অগপই বিচাৰে বিজেপিয়ে নিবিচাৰে, পৌৰ নিৰ্বাচনত মিত্ৰতা হ'ব নে নহয় ক'লে ফণীভূষণ চৌধুৰীয়ে

    AGP-BJP Alliance in Civic Body Election: অগপই বিচাৰে বিজেপিয়ে নিবিচাৰে, পৌৰ নিৰ্বাচনত মিত্ৰতা হ'ব নে নহয় ক'লে ফণীভূষণ চৌধুৰীয়ে

    AGP-BJP Alliance in Civic Body Election: পৌৰ নিৰ্বাচনৰ মিত্ৰতাক লৈ অগপ-বিজেপি নেতৃত্বই অচিৰেই ল’ব সিদ্ধান্ত ৷ বঙাইগাঁৱত অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে জনালে এই কথা 

    • Share this:
    আগন্তুক পৌৰ নিৰ্বাচন (Civic Body Election)ত অগপ আৰু বিজেপিৰ মাজত মিত্ৰতা (AGP-BJP Alliance) হ’ব নে নাই এই বিষয়ে অচিৰে দুই দলৰ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব। এই কথা জানিব দিছে জ্যেষ্ঠ অগপ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰী (Phanibhushan Choudhury)য়ে ৷ আগন্তুক নিৰ্বাচনৰ বাবে অগপ সম্পূৰ্ণ সাজু যদিও দুই দলৰ নেতৃত্বৰ মাজত আলোচনা মৰ্মে লোৱা সিদ্ধান্তলৈ অপেক্ষা কৰি থকা বুলি তেঁও জানিব দিয়ে ৷

    আনহাতে  আগন্তুক পৌৰসভাৰ নিৰ্বাচনত বঙাইগাঁৱত কংগ্ৰেছ (Congress)ৰ আসনৰ সংখ্যা শূন্যলৈ হ্ৰাস পাব বুলি তেঁও উল্লেখ কৰি কয় যে বিগত নিৰ্বাচনত অগপ দলে পছিশ খনৰ ভিতৰত বিশখন আসন  দখল কৰি পৌৰসভা নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল ৷ এনেক্ষেত্ৰত এইবাৰ বঙাইগাঁৱত যথেষ্ঠ উন্নয়নমূলক কাম-কাজ কৰা হৈছে বাবে ৰাইজৰ সমৰ্থন পূৰ্বৰ তুলনাত এইবাৰ যথেষ্ঠ বৃদ্ধি পাইছে ৷ যাৰ বাবে অগপৰ আসনৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাব আৰু কংগ্ৰেছে পূৰ্বতে লাভ কৰা দুইখন আসনো হ্ৰাস পাব বুলি তেঁও মন্তব্য কৰে ৷

    ইফালে, অগপ-বিজেপিৰ মিত্ৰতা নহ’লেও কংগ্ৰেছ দলে ইয়াত সুযোগ গ্ৰহণ কৰিব নোৱাৰে বুলি বিধায়কজনে জানিব দিয়ে ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চৌহদত মাতৃ-শিশুক পুষ্টিহীনতাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্য আগত ৰাখি নিৰ্মাণ কৰি উলিওৱা এক গৃহৰ আধাৰ শিলা স্থাপন কৰি বিধায়ক জনে এইদৰে মন্তব্য কৰে ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: