உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বয়সৰ জালিয়াতিৰে দিছিল শিক্ষক নিযুক্তি! শিৱসাগৰত গ্ৰেপ্তাৰ প্ৰাক্তন শিক্ষা বিষয়া, কোন কোন ৰাজনৈতিক নেতাৰ হেঁচাত জালিয়াতিৰে দিছিল নিযুক্তি? উন্মোচিত হৈছে বিস্ফোৰক তথ্য

    বয়সৰ জালিয়াতিৰে দিছিল শিক্ষক নিযুক্তি! শিৱসাগৰত গ্ৰেপ্তাৰ প্ৰাক্তন শিক্ষা বিষয়া, কোন কোন ৰাজনৈতিক নেতাৰ হেঁচাত জালিয়াতিৰে দিছিল নিযুক্তি? উন্মোচিত হৈছে বিস্ফোৰক তথ্য

    শিৱসাগৰৰ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক যোৱা নিশা শিৱসাগৰ আৰক্ষীয়ে আটক কৰাক লৈ শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নব্বৈ দশকত অগপ আৰু কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষা বিভাগৰ শিক্ষক নিয়োগৰ নামত এক ভয়াৱহ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

    • Share this:
    শিৱসাগৰৰ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক যোৱা নিশা শিৱসাগৰ আৰক্ষীয়ে আটক কৰাক লৈ শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নব্বৈ দশকত অগপ আৰু কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষা বিভাগৰ শিক্ষক নিয়োগৰ নামত এক ভয়াৱহ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল।এনে অভিযোগ সমূহক লৈ ইতিমধ্যে বহু কেইটা অনুসন্ধান সম্পন্ন হৈ গৈছিল যদিও কোনো বিশেষ ব্যৱস্থা পৰৱৰ্তী চৰকাৰৰ দিনত হোৱা নাছিল। অৱশেষত ২০১৯ চনত অসম নৱ নিৰ্মাণ সেনা নামৰ এটা সংগঠনে শিৱসাগৰ জিলাৰ বিভিন্ন থানাত সেই সময়ত অনিয়মৰ মাজেৰে সম্পন্ন হোৱা নিয়োগ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰ ৰুজু কৰা হৈছিল।

    তেতিয়াৰ পৰা শিৱসাগৰ আৰক্ষীয়ে ১৩৬৯/২০১৯ নং  গোচৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি বয়স জালিয়তি কৰি ১৮ বছৰৰ তলত চাকৰি লাভ কৰা সন্দেহযুক্ত শিক্ষক সকলৰ নিয়োগৰ তথ্য সংগ্ৰহ কৰিছিল। আনহাতে যোৱা নিশা বাঘজান বাগিচা প্ৰাথমিক বিদ্যালয়ৰ  বাবুল হুছেইন নামৰ এজন শিক্ষকক আৰক্ষীয়ে আটক কৰি সোধাপোচা কৰাত তেওঁ ১৮ বছৰৰ তলত আনোৱাৰ হুছেইনৰ দিনত চাকৰি লাভ কৰা বুলি স্বীকাৰ কৰাত শিৱসাগৰ আৰক্ষীয়ে ততাতৈয়াকৈ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুচেইনক গ্ৰেপ্তাৰ কৰে।

    ইতিমধ্যে জয়সাগৰ আৰক্ষী থানাৰ পৰা শিৱসাগৰ সদৰ থানালৈ আনোৱাৰ হুছেইন আৰু বাবুল হুছেইনক শিৱসাগৰ আৰক্ষীয়ে  আনি পৰৱৰ্তী জেৰা অব্যাহত ৰাখিছে।আনহাতে আনোৱাৰ হুচেইনৰ লগতে তেওঁৰ পত্নী চিলভিয়া বেগমে তেতিয়া সংঘটিত নিয়োগ কেলেংকাৰীক লৈ বিস্ফোৰক তথ্য সদৰি কৰিছে। তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ কংগ্ৰেছ আৰু অগপ দলৰ নেতাৰ হেঁচাত তেওঁ তেনেদৰে নিযুক্তি দিবলৈ বাধ্য হোৱা বুলি সাংবাদিকৰ আগত সদৰি কৰে।

    কংগ্ৰেছ নেতা প্ৰয়াত অঞ্জন দত্ত, প্ৰয়াত দেৱানন্দ কোঁৱৰ, হিৰণ্য কোঁৱৰ, শৰৎ বৰকটকী, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভাতৃ প্ৰয়াত ৰোহিতেশ্বৰ শইকীয়া, অগপ নেতা তথা বৰ্তমানৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আদিকে ধৰি বহু ৰাজনৈতিক নেতা-পালিনেতাৰ নাম হুছেইন দম্পত্তিয়ে ৰাজহুৱা কৰিছে। আনোৱাৰ হুচেইনৰ আটকক লৈ যে এক বৃহৎ কেলেংকাৰী উন্মোচন হ'ব সেইয়া নিশ্চিত হোৱাৰ লগতে বয়স জালিয়তি কৰি চাকৰি লোৱা বহু শিক্ষক আটক হোৱাৰ সম্ভাৱনা দেখা গৈছে।
    Published by:Himangshu Bhuyan
    First published: