'যতীন বৰা কেতিয়াৰ পৰা প্ৰতিবাদী হ'ল?'–আকৌ যতীন বৰাক সমালোচনা জুবিন গাৰ্গৰ

News18 Assam | News18-Assam
Updated:February 27, 2020, 12:38 PM IST
'যতীন বৰা কেতিয়াৰ পৰা প্ৰতিবাদী হ'ল?'–আকৌ যতীন বৰাক সমালোচনা জুবিন গাৰ্গৰ
যতীন বৰাক কটাক্ষ জুবিন গাৰ্গৰ

যতীন বৰাক কটাক্ষ জুবিন গাৰ্গৰ

  • News18 Assam
  • Last Updated: February 27, 2020, 12:38 PM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি ক্ৰমাৎ দুৰত্ব বৃদ্ধি পাইছে জুবিন গাৰ্গ আৰু যতীন বৰাৰ মাজত। যতীন বৰাই প্ৰত্যক্ষ ভাবে জুবিন গাৰ্গৰ বিষয়ে একো কোৱা নাই যদিও জুবিন গাৰ্গে এতিয়া প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অভিনেতা যতীন বৰাক।

দুদিন পূৰ্বে যতীন বৰা বিজেপিৰ মানুহ বুলি কটাক্ষ কৰাৰ পিছত বুধবাৰে আকৌ যতীন বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে জুবিন গাৰ্গ। ৰাজ্যত অব্যাহত থকা CAA আন্দোলনে ৰাজ্যৰ সাংস্কৃতিক জগতৰ ক্ষতি কৰিছে বুলি যতীন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জুবিনে ৷ জুবিনে কয়, 'যতীন বৰা কেতিয়াৰ পৰা প্ৰতিবাদকাৰী হ'ল? Can I ask you? He is never। প্ৰতিবাদী হ'বলৈ বহুত বস্তু লাগিব ৷ It's an interesting subject, He Should know, প্ৰতিবাদী এনেই নহয় মানুহে ৷'

আন্দোলনৰ ফলত ভ্ৰাম্যমান থিয়েটাৰ আৰু চলচিত্ৰ উদ্যোগ ক্ষতিৰ সন্মুখীন হৈছে বুলি অভিনেতা যতীন বৰাই দিয়া ভাষ্যৰ প্ৰত্যুত্তৰত জুবিনে কয়, 'বিপ্লৱী এনেই হয় নেকি? পঢ়িবও লাগিব ৷ আমাৰ ইয়াত কথা বেছি কয়। গতিকে অপেক্ষা কৰা।’

দেওবাৰে নলবাৰীত অভিনেতা যতীন বৰাই কৈছিল, 'ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে ক্ষতি কৰিছে ৰাজ্যৰ সাংস্কৃতিক জগতৰ। আন্দোলনৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে ভ্ৰাম্যমান থিয়েটাৰ আৰু চলচিত্ৰ উদ্যোগ। ৰাজ্যত চলি থকা পৰিস্থিতিৰ বাবে প্ৰযোজকে নতুনকৈ ছবি নিৰ্মাণ কৰিবলৈ সাহস কৰা নাই। এপ্ৰিলৰ মাজলৈকে চলা থিয়েটাৰ চলিত বৰ্ষত প্ৰায় শেষ হও হও হৈছে।’ যতীন বৰাই আন্দোলনৰ সমান্তৰাল ভাবে সংস্কৃতি আগুৱাই নিব লাগে বুলি কোৱা মন্তব্যক এতিয়া উভতি ধৰিছে জুবিন গাৰ্গে।

গুৱাহাটীৰ কাহিলিপাৰাৰ জটিয়াস্থিত টাউনহাউচ  এন কে হোটেলৰ মুকলি পৰ্বত উপস্থিত হৈ এন কে প্ৰডাকশ্যনৰ ৩০বছৰীয়া যাত্ৰাৰ কথা সুঁৱৰি বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে জুবিন গাৰ্গে ৷

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading