''মোৰ ল'ৰা ঘূৰাই দিয়ক, নহ'লে তাক মাৰি পেলাওক।মাতৃৰ বুকু উদং কৰি ইমান সৰু সৰু ল'ৰাবোৰক আলফালৈ নিছে, মোৰ পুত্ৰকো লৈ গ'ল, আপোনাৰো সন্তান আছে, আপোনাৰ সন্তানক এনেদৰে যাবলৈ দিবনে?'' -পুত্ৰৰ বেদনাত উচুপি উঠি পৰেশ বৰুৱাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নাহৰকটীয়াৰ এগৰাকী দুৰ্ভগীয়া মাতৃয়ে।
নাহৰকটীয়া নে-খাম বাঁহধাৰী গাঁও নিৱাসী পৱিত্ৰ গগৈ আৰু অনিতা গগৈৰ একমাত্ৰ পুত্ৰ পংকজ গগৈয়ে যোৱা ৪ মাৰ্চৰ দিনা কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈ ১৮ এপ্ৰিলৰ দিনা আলফাৰ (ULFA-I) ম্যানমাৰ শিবিৰত উপস্থিত হৈ আলফা স্বাধীনত যোগদান কৰা তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ৬ এপ্ৰিলৰ দিনা পংকজে পত্নীক ফোন কৰি কেৰালাতে কাম কৰি থকাৰ কথা অৱগত কৰিছিল। ৬ এপ্ৰিলৰ দিনা শেষবাৰৰ বাবে পত্নী উদ্দীপনা গগৈৰ লগত ফোনত কথা পতাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে যোগাযোগ নোহোৱা হ'ল পংকজৰ।
৬ এপ্ৰিলৰ দিনা ফোনত পত্নীয়ে বিহুৰ বজাৰ কৰিবলৈ খৰচ বিচৰাত পত্নীৰ সৈতে ফোনতে কিছু বাক বিতণ্ডা হয় পংকজৰ। তাৰ পিছত আৰু যোগাযোগ বিচ্ছিন্ন হৈছিল তেওঁৰ। আনকি বিহুৰ দিনাও পৰিয়ালৰ সৈতে কোনো যোগাযোগ কৰা নাছিল পংকজ গগৈয়ে।
ইফালে সংবাদ মাধ্যমৰ আগত আজি পংকজে আলফা স্বাধীনত যোগদান কৰাৰ কথা জানিব পাৰি এতিয়া কান্দোনত ভাঙি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। মনকৰিবলগীয়া যে পত্নীসহ ৭ বছৰীয়া সন্তানক এৰি থৈ আলফালৈ গমন কৰা পংকজ গগৈ যকৃৎ ৰোগত আক্ৰান্ত হোৱাৰ ফলত কিছু বছৰ আগতে তেওঁৰ অস্ত্ৰোপচাৰো সম্পন্ন হৈ গৈছিল । এনে পৰিস্থিতিত যুৱকজন আলফালৈ গমন কৰাত আৰু অধিক চিন্তিত হৈ পৰিছে তেওঁৰ পৰিয়ালটো। এনে প্ৰেক্ষাপটত আলফা স্বাধীনৰ ফালৰ পৰা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব।
উল্লেখ্য,
আলফাত ১৮ এপ্ৰিলত পুনৰ দুই যুৱক নৰেন মেচ আৰু পংকজ গগৈয়ে যোগদান কৰে। নৰেন মেচৰ ঘৰ যোৰহাটত আৰু পংকজ গগৈ আছিল নাহৰকটীয়াৰ। Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|