পুনৰ নিৰ্যাতনৰ বলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী

বিশ্ববিদ্যালয়ৰ চৌহদৰ সমীপৰ লংকেশ্বৰত সংঘটিত হৈছে নিৰ্যাতনৰ জঘন্য ঘটনা। এই ঘটনা সংঘটিত হৈছে শনিবাৰে সন্ধিয়া লংকেশ্বৰ বজাৰত। বজাৰ কৰিবলৈ ওলাই অহা ছাত্ৰীক যুৱকৰ অশালীন ব্যৱহাৰ। বাইকেৰে অহা যুৱকে দুৰ্ব্যৱহাৰ কৰি তীব্ৰ গতিত কৰে পলায়ন।

news18assam
Updated:June 9, 2019, 8:51 AM IST
পুনৰ নিৰ্যাতনৰ বলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী
বিশ্ববিদ্যালয়ৰ চৌহদৰ সমীপৰ লংকেশ্বৰত সংঘটিত হৈছে নিৰ্যাতনৰ জঘন্য ঘটনা। এই ঘটনা সংঘটিত হৈছে শনিবাৰে সন্ধিয়া লংকেশ্বৰ বজাৰত। বজাৰ কৰিবলৈ ওলাই অহা ছাত্ৰীক যুৱকৰ অশালীন ব্যৱহাৰ। বাইকেৰে অহা যুৱকে দুৰ্ব্যৱহাৰ কৰি তীব্ৰ গতিত কৰে পলায়ন।
news18assam
Updated: June 9, 2019, 8:51 AM IST
গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশত এতিয়া নিৰাপত্তাহীন ছাত্ৰী যুৱতী। বিশ্ববিদ্যালয়ৰ চৌহদৰ সমীপৰ লংকেশ্বৰত সংঘটিত হৈছে নিৰ্যাতনৰ জঘন্য ঘটনা। এই ঘটনা সংঘটিত হৈছে শনিবাৰে সন্ধিয়া লংকেশ্বৰ বজাৰত। বজাৰ কৰিবলৈ ওলাই অহা ছাত্ৰীক যুৱকৰ অশালীন ব্যৱহাৰ। বাইকেৰে অহা যুৱকে দুৰ্ব্যৱহাৰ কৰি তীব্ৰ গতিত কৰে পলায়ন। পেয়িং গেষ্ট হিচাপে থকা দুগৰাকী ছাত্ৰী বজাৰ কৰিবলৈ গৈ উভতি অহাৰ সময়ত নিশা প্ৰায় ৮ বজাত এই ঘটনা সংঘটিত হয়। বজাৰত মানুহৰ যথেষ্ট সমাগম থকাৰ সত্বেও যুৱকজনে এগৰাকী যুৱতীক শাৰীৰিকভাৱে অপদস্থ কৰি পলায়ন কৰে। যুৱতীগৰাকীয়ে বাইকখনৰ 0773 নম্বৰটো মনত ৰাখিবলৈ সক্ষম হয়।



 

ঘটনাৰ পিছতে ছচিয়েল মিডিয়াত বিষয়টো উত্থাপন কৰে ভুক্তভোগী যুৱতীৰ বান্ধৱীয়ে। বিশ্ববিদ্যালয়ত ছাত্ৰীক নিৰ্যাতনৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ নিৰ্যাতনৰ ঘটনা সংঘটিত হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি