মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসমৰ ভূমিত নগাৰ বেদখল অব্যাহত, তিৰু হিলছ সংৰক্ষিত বনাঞ্চলত মোককচাং জিলাৰ ফলক লগালে নগা প্ৰশাসনে

অসমৰ ভূমিত নগাৰ বেদখল অব্যাহত, তিৰু হিলছ সংৰক্ষিত বনাঞ্চলত মোককচাং জিলাৰ ফলক লগালে নগা প্ৰশাসনে

News18 Assam | News18-Assam
Updated:July 12, 2021, 8:56 AM IST
অসমৰ ভূমিত নগাৰ বেদখল অব্যাহত, তিৰু হিলছ সংৰক্ষিত বনাঞ্চলত মোককচাং জিলাৰ ফলক লগালে নগা প্ৰশাসনে
নগাই অসমৰ ভূমি দখল কৰি ৰনখাম গাঁৱৰ পৰা মাত্ৰ এক কিলমিটাৰ দূৰত আহি অৱস্থান কৰাক লৈ শংকিত হৈ পৰিছে ৰনখাম গাঁৱৰ বাসিন্দাসকল।

নগাই অসমৰ ভূমি দখল কৰি ৰনখাম গাঁৱৰ পৰা মাত্ৰ এক কিলমিটাৰ দূৰত আহি অৱস্থান কৰাক লৈ শংকিত হৈ পৰিছে ৰনখাম গাঁৱৰ বাসিন্দাসকল।

  • Share this:
অসমৰ ভূমিত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ বেদখল অব্যাহত আছে। মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ ভয়াৱহ আগ্ৰাসন আৰু গুলীচালনাৰ ঘটনাই কিছুদিন পূৰ্বে মৰিয়নী সীমান্ত উত্তপ্ত কৰি তোলাৰ পিছত এতিয়া তিৰু হিলছ সংৰক্ষিত বনাঞ্চলত নগাই চলাইছে ভয়াৱহ বেদখল।

মৰিয়নী বিধানসভা সমষ্টিৰ তথা টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত তিৰু হিলছ সংৰক্ষিত বনাঞ্চলত নগাই শ শ হেক্টৰ ভূমিৰ বন ধ্বংস কৰি বস্তি স্থাপন কৰা লগতে ঝুম খেতি, ৰবৰ আৰু চাহ বাগিচা স্থাপন কৰিছে। বনাঞ্চলখনৰ অধিকাংশ ভূমি নগা লোকে দখল কৰি ইয়াচাং এ, বি আৰু চি স্থাপন কৰা পিছত এতিয়া ইয়াচাং ডি নামৰ এখন নতুন বস্তি স্থাপন কৰিবৰ বাবে নগাই প্ৰস্তুতি চলাইছে।

ইতিমধ্যে নগাই বনাঞ্চলখনৰ বন ধ্বংস কৰি ৰবৰ বাগিচা, চাহ বাগিচা, গোমধানৰ খেতি কৰি নিজৰ খোপনি গজগজিয়া কৰি তুলিছে। শেতীয়াকৈ অসমৰ ভূমিত নতুনকৈ কেইবাটাও গৃহ নিৰ্মাণ কৰিছে নগা লোকে। কিন্তু বৰ্তমানলৈকে ইয়াৰ ভূকে পোৱা নাই অসমৰ প্ৰশাসনে।

আনহাতে নগাই বনাঞ্চলখনৰ এডোখৰ ভূমিত মোককচাং জিলা উল্লেখ থকা নগালেণ্ড চৰকাৰৰ কৃষি বিভাগৰ এখন ফলক লগাই বিভিন্ন কৃষি কাৰ্য আৰম্ভ কৰি উক্ত ভূমি নগালেণ্ডৰ বুলি দাবী কৰিছে। অসমৰ উক্ত দখলীকৃত ভূমিত নগা লোকসকলে চাহ বাগিচা স্থাপন কৰা লগতে গোমধানৰ খেতি কৰিছে।

উল্লেখযোগ্য যে, ২০১৩ চনৰ এপ্ৰিল মাহত তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ উক্ত ভূমিত নগাৰ আগ্ৰাসনক লৈ দুইখন ৰাজ্যৰ মাজত সংঘাত সৃষ্টি হোৱা লগতে এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু ইয়াৰ পিছতো অসমৰ ভূমিত ৰোধ নহ'ল নগাৰ আগ্ৰাসন। অসমৰ বন বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ সোপাঢিলা নীতিৰ বাবে পূৰ্বতকৈ অধিক মাটি নগাই নিজৰ দখললৈ নিবলৈ সক্ষম হ'ল।

নগাই অসমৰ ভূমি দখল কৰি ৰনখাম গাঁৱৰ পৰা মাত্ৰ এক কিলমিটাৰ দূৰত আহি অৱস্থান কৰাক লৈ শংকিত হৈ পৰিছে ৰনখাম গাঁৱৰ বাসিন্দাসকল। মন কৰিবলগীয়া যে, ৰনখাম গাঁৱৰ সমীপতে ২০১৩ চনত নগা আৰু অসমীয়াৰ সংঘাতৰ সময়তে যোৰহাট জিলা প্ৰশাসনে এটা অস্থায়ী সীমান্ত আৰক্ষী চকী স্থাপন কৰিছিল যদিও তিৰু হিলছ সংৰক্ষিত বনাঞ্চলত ৰোধ নহ'ল নগাৰ আগ্ৰাসন।

আনহাতে, অসম চৰকাৰক শীঘ্ৰে তিৰু হিলছ বনাঞ্চলত নগাৰ বেদখল ৰোধ কৰি অসমৰ ভূমি ৰক্ষা কৰিবলৈ অনুৰোধ জনাইছে সীমান্তৰ অসমীয়াই। অসমৰ তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমিত নগাৰ বেদখল ৰোধ কৰা লগতে নগা বেদখলকাৰীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে পৰৱৰ্তী পৰ্যায়ত কেনেধৰনৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
Published by: Sanjay Kumar Das
First published: July 12, 2021, 8:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি