শিক্ষা নহ’ল গুৱাহাটীবাসীৰ! আকৌ হ’ব লকডাউন! কি ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই?

News18 Assam | News18-Assam
Updated:August 18, 2020, 9:23 AM IST
শিক্ষা নহ’ল গুৱাহাটীবাসীৰ! আকৌ হ’ব লকডাউন! কি ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই?
কোৰোণা শেষ হৈ যোৱা নাই। ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কোৰোণা শেষ হৈ যোৱা নাই। ক’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
১৬ আগষ্টৰ পৰা ৩১ আগষ্টলৈ লকডাউন শিথিল কৰাৰ পিছত ইতিমধ্যে ৰাজ্যৰ ইখন জিলাৰ পৰা সিখন জিলালৈ সপ্তাহৰ ৫দিনে যাতায়ত, নৈশ সান্ধ্য আইনৰ সময় সলনিকে ধৰি বিভিন্ন ৰেহাই প্ৰদান কৰা হৈছে। কিন্তু লকডাউন শিথিল কৰাৰ পিছতে কোৰোণা আক্ৰান্তৰ সংখ্যা পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। লকডাউন শিথিল কৰাৰ দিনাই ২৭৯২ জন লোক আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ হৈছে।

ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যে, ‘যি পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণলৈ আহিছে, সেয়া ১৫ দিনৰ পিছত অনিয়ন্ত্ৰিত হৈ পৰিব। গতিকে যদি মাস্ক নিপিন্ধে, সামাজিক ব্যৱধান নামানে আৰু ইয়াৰ কাৰণে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেনেহ’লে আকৌ লকডাউন দিবলৈ চৰকাৰ বাধ্য হ’ব। কোৰোণা শেষ হৈ যোৱা নাই।’

গুৱাহাটীৰ গৰিষ্ঠসংখ্যকে যেন দেখিও নেদেখে, বুজিও নুবুজে! যাৰ কাৰণে সামাজিক ব্যৱধান বৰ্তাই ৰখা আৰু মাস্ক পিন্ধাৰ নিৰ্দেশক উলংঘা কৰি বাৰে বাৰে মহানগৰীক জটিল পৰিস্থিতিলৈ ঠেলি দিবলৈ কুণ্ঠাবোধ নকৰে এইসকলে। কোনোমতে স্বাভাৱিক জীৱন যাত্ৰালৈ ঘুৰি যাবলৈ কৰা চেষ্টাক নস্যাৎ কৰা লোক এইসকল। লকডাউনত জীৱিকা চলাই নিবলৈ অসুবিধা পোৱাসকলৰ লগতে কোৰোণাত আক্ৰান্ত হৈ আপোনজনক হেৰুৱাসকলৰ কথা কেতিয়া বুজিব অসংবেদনশীল মহানগৰীৰ বাসিন্দাই?
First published: August 18, 2020, 9:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading