পুনৰ দুৰ্বৃত্তৰ লক্ষ্য সাংবাদিক, যোৰহাটত DY365ৰ সাংবাদিক ৰাজীৱ বৰাক আক্ৰমণ

ড'চ এণ্ড কোম্পানীৰ সমীপত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। ৭২ ঘণ্টাৰ ভিতৰত ৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল ৩জন সাংবাদিক।

news18assam
Updated:April 28, 2019, 6:19 PM IST
পুনৰ দুৰ্বৃত্তৰ লক্ষ্য সাংবাদিক, যোৰহাটত DY365ৰ সাংবাদিক ৰাজীৱ বৰাক আক্ৰমণ
ড'চ এণ্ড কোম্পানীৰ সমীপত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। ৭২ ঘণ্টাৰ ভিতৰত ৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল ৩জন সাংবাদিক।
news18assam
Updated: April 28, 2019, 6:19 PM IST
৭২ ঘণ্টাৰ ভিতৰত ৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল ৩জন সাংবাদিক। নলবাৰী, তিনিচুকীয়াৰ পিছত এইবাৰ যোৰহাটত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সাংবাদিক। নিশা ৫/৬ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিলে DY 365চেনেলটোৰ যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰাক।



মূৰত আঘাত পোৱা সাংবাদিকগৰাকীক ততালিকে যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। যোৰহাটৰ ড'চ এণ্ড কোম্পানীৰ সমীপত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা। যোৰহাটৰ ই মিডিয়াৰ সভাপতি পদতো আছে ৰাজীৱ বৰা। বৃহস্পতিবাৰে নিশা আক্ৰমণৰ বলি হয় নলবাৰীৰ দৈনিক অসমৰ কাকতৰ সাংবাদিক ৰাজেন ডেকা আৰু তিনিচুকীয়াৰ NEWS18ৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামী। ইয়াৰ পিছতে শনিবাৰে নিশা আক্ৰমণৰ বলি হয় যোৰহাটৰ DY 365ৰ সাংবাদিক ৰাজীৱ বৰুৱা। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চাট হাউছৰ স্বত্বাধীকাৰী তথা অভিযুক্ত জ্যোতি প্ৰসাদ দাসক। ইটোৰ পাছত সিটো সাংবাদিক নিগ্ৰহ ঘটনাক ধিক্কাৰ দিছে বিভিন্ন দল সংগঠনে।উল্লেখ্য যে সাংবাদিকক আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম আৰক্ষীক কঠোৰ নিৰ্দেশ দিছিল।

আৰু চাওক পৰৱৰ্তী বাতৰি