লুৰিণজ্যোতিৰ হাতত কাম নাই, আমাৰ হাতত বহুত কাম আছে, CAA প্ৰতিবাদকলৈ নতুন বাক্যশেল হিমন্তবিশ্বৰ

News18 Assam | News18-Assam
Updated:February 25, 2020, 4:54 PM IST
লুৰিণজ্যোতিৰ হাতত কাম নাই, আমাৰ হাতত বহুত কাম আছে, CAA প্ৰতিবাদকলৈ নতুন বাক্যশেল হিমন্তবিশ্বৰ
‘লুৰিণজ্যোতিৰ সময় আছে, মোৰ সময় নাই, মোৰ কাম কৰিবলৈও আছে’, CAAকলৈ লুৰিণ, হিমন্তৰ ‘চুপতি’

‘লুৰিণজ্যোতিৰ সময় আছে, মোৰ সময় নাই, মোৰ কাম কৰিবলৈও আছে’, CAAকলৈ লুৰিণ, হিমন্তৰ ‘চুপতি’

  • Share this:
অব্যাহত আছে প্ৰতাপী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ ৷ দুদিন পূৰ্বে লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰিবলৈ গৈ মন্ত্ৰী শৰ্মাই আনিছিল চান্দাৰ প্ৰসংগ ৷ মন্ত্ৰী শৰ্মাই কৈছিল যে, ‘CAAৰ বিৰুদ্ধে আন্দোলন হ’ল দিনত শ্লোগান, ৰাতি চান্দা তোলাৰ আন্দোলন।’

মন্ত্ৰীগৰাকীৰ এই মন্তব্যক ‘ভূতৰ মুখত ৰাম নাম’ আখ্যা দি লুৰিণজ্যোতি গগৈয়ে কৈছিল যে, – ‘ৰমণী দাস নামৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এজন অভিযন্তাৰ পৰা চান্দা তুলিবলৈ গৈ নিজে পাণবজাৰ থানাত থকা এজন মন্ত্ৰীৰ মুখত এনেকুৱা কথা শোভা নাপায়।’

মঙলবাৰে ছয় নং দফা উচ্চস্তৰীয় কমিটীয়ে দাখিল কৰা প্ৰতিবেদনৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে সুধিছিল লুৰিণে হিমন্ত বিশ্বৰ বিৰুদ্ধে কৰা তীৰ্যক মন্তব্যৰ প্ৰসংগত ৷ লগে লগে হিমন্তবিশ্বই কয় যে,  ‘আমাৰ কাম থাকে ৷ এদিনত ছয় সাতশ লোকক সময় দিব লাগে ৷ ফাইলত চহী কৰিব লাগে। উন্নয়নৰ কামত মনোনিৱেশ কৰিব লাগে ৷ তেওঁলোকৰ দৰেতো আমাৰ কাম নোহোৱা নহয় ৷ আমি এইবোৰ কথাত লাগি থাকি সময় খৰচ কৰিলে হ'ব জানো?’

ইফালে ছয় নং দফা কমিটীৰ প্ৰতিবেদন দাখিলৰ সময়ত আছুৰ অনুপস্থিতিকলৈও মন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন্ত্ৰী শৰ্মাই কয় যে, ‘এখন ৰাজ্যৰ মুৰব্বী মুখ্যমন্ত্ৰীজন ৷ মুখ্যমন্ত্ৰীজনৰ পদমৰ্যাদা আছে ৷ তেওঁ এখন ৰাজ্য চলাই আছে ৷ মুখ্যমন্ত্ৰীজনক কমিটীয়ে প্ৰতিবেদন দাখিল কৰাত আপত্তি কি? মুখ্যমন্ত্ৰী আজি দিল্লীলৈ যাব, হয়তো আজি বা কাইলৈও দাখিল কৰিব পাৰে প্ৰতিবেদনখন ৷’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading