• Home
  • »
  • News
  • »
  • assam
  • »
  • Fake TET Teacher : হাজোত পুনৰ জালত পৰিল ৫ ভুৱা টেট শিক্ষক, বক্ৰপথেৰে লৈছিল শিক্ষকৰ চাকৰি

Fake TET Teacher : হাজোত পুনৰ জালত পৰিল ৫ ভুৱা টেট শিক্ষক, বক্ৰপথেৰে লৈছিল শিক্ষকৰ চাকৰি

আটকাধীন আটাইকেইগৰাকী শিক্ষকক সোধা–পোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

আটকাধীন আটাইকেইগৰাকী শিক্ষকক সোধা–পোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

আটকাধীন আটাইকেইগৰাকী শিক্ষকক সোধা–পোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

  • Share this:
ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে হাজোত পুনৰ আৰক্ষীৰ অভিযান। সোমবাৰে নিশাৰে পৰা চলোৱা এই অভিযানত এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৫ গৰাকীকৈ ভুৱা টেট শিক্ষকক। হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত চলিছিল এই অভিযান।

বক্ৰ পথেৰে বিটিআৰত হাইস্কুলৰ টেট শিক্ষকৰ নিযুক্তি লাভ কৰা হাজোৰ ১নং ভেলকৰ আৰু বঙালপাৰা অঞ্চলৰ পৰা এই ৫ গৰাকী ভুৱা টেট শিক্ষকক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন শিক্ষক বঙালপাৰাৰ দিলদাৰ হুছেইন, মুক্তাৰ আলী আৰু ১নং ভেলকৰৰ আক্কাছ আলী, আজমূল হক আৰু নাজামুদ্দিন আহমেদ।

ইতিমধ্যে আটকাধীন আটাইকেইগৰাকী শিক্ষকক সোধা–পোছা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে। বক্ৰপথেৰে টেট শিক্ষকৰ চাকৰি লাভ কৰা ভুৱা শিক্ষকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published: