বাঘজানত পুনৰ অগ্নিকাণ্ড, পথাৰত গোট খাই থকা কণ্ডেনচেট তেলত জুইৰ লেলিহান শিখা

News18 Assam | News18-Assam
Updated:August 2, 2020, 5:37 PM IST
বাঘজানত পুনৰ অগ্নিকাণ্ড, পথাৰত গোট খাই থকা কণ্ডেনচেট তেলত জুইৰ লেলিহান শিখা
যাৰ ফলত আজিৰ প্ৰখৰ ৰ’দৰ মাজতে দুপৰীয়া বাঘজানত আন এক অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। জুইৰ লেলিহান আৰু গগনচুম্বী ক’লা ধোঁৱাই পুনৰ অঞ্চলটোত আতংকৰ পৰিবেশ সৃষ্টি কৰিছে | 

যাৰ ফলত আজিৰ প্ৰখৰ ৰ’দৰ মাজতে দুপৰীয়া বাঘজানত আন এক অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। জুইৰ লেলিহান আৰু গগনচুম্বী ক’লা ধোঁৱাই পুনৰ অঞ্চলটোত আতংকৰ পৰিবেশ সৃষ্টি কৰিছে | 

  • Share this:
ভয়ংকৰ বিপদৰ দিশে পুনৰ বাঘজান। বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা তৈলখাদৰ পৰা প্ৰায় ২০০ মিটাৰ আতঁৰত অকস্মাতে সংঘটিত হয় এক অগ্নিকাণ্ড ।

বাঘজানত পুনৰ আন এই জুয়ে আতংকিত কৰিছে। যোৱা ৯ জুন তাৰিখে অগ্নিকাণ্ড সংঘটিত হোৱা কূপৰ পৰা প্ৰায় ২০০ মিটাৰ দুৰত্বত পথাৰৰ মাজত সংঘটিত হয় আন এক জুই ।

জানিবলৈ পৰা মতে, যোৱা ২৭ মে’ তাৰিখে বাঘজানৰ ৫ নং বিজিআৰ ত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত নিগৰিত কণ্ডেনচেট তেল গাওঁখনৰ খেতি পথাৰত আৰু কাষতে লাগি থকা মাগুৰি-মতাপুং বিলত পৰে।

পৰৱৰ্তী সময়ত ৯ জুন তাৰিখে কূপটোত অগ্নিকাণ্ড সংঘটিত হয় কিন্তু পথাৰ আৰু মাগুৰি বিলত গোট খাই থকা কণ্ডেনচেট তেল সমুহ নিষ্কাষণৰ ব্যৱস্থা নকৰিলে অইল কতৃপক্ষ কিম্বা চৰকাৰে । খেতি পথাৰৰ খাল সমুহত গোট খাই থকা তেল সমুহ যি কোনো মুহুৰ্ততে অগ্নিকাণ্ডৰ সম্ভাৱনা আছিল ।

যাৰ ফলত আজিৰ প্ৰখৰ ৰ’দৰ মাজতে দুপৰীয়া বাঘজানত আন এক অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। জুইৰ লেলিহান আৰু গগনচুম্বী ক’লা ধোঁৱাই পুনৰ অঞ্চলটোত আতংকৰ পৰিবেশ সৃষ্টি কৰিছে |
First published: August 2, 2020, 5:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading