• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱৰ ‘সন্ত্ৰাস’ ইফুক এনকাউণ্টাৰ আনন্দ মিশ্ৰ বাহিনীৰ, ম'ষ্ট  ৱাণ্টেড ড্ৰাগছ মাফিয়া আব্দুল বাছেটক গ্ৰেপ্তাৰ

নগাঁৱৰ ‘সন্ত্ৰাস’ ইফুক এনকাউণ্টাৰ আনন্দ মিশ্ৰ বাহিনীৰ, ম'ষ্ট  ৱাণ্টেড ড্ৰাগছ মাফিয়া আব্দুল বাছেটক গ্ৰেপ্তাৰ

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ এটা দলে নগাঁও চহৰৰ আজাদ নগৰত অভিযান চলাই ইফুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ এটা দলে নগাঁও চহৰৰ আজাদ নগৰত অভিযান চলাই ইফুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ এটা দলে নগাঁও চহৰৰ আজাদ নগৰত অভিযান চলাই ইফুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

  • Share this:
সমগ্ৰ নগাঁওবাসীৰ বাবে সন্ত্ৰাসৰ অন্য এক নাম হিচাপে পৰিচিত ইফু ওৰফে আব্দুল বাছেটক অৱশেষত গ্ৰেপ্তাৰ কৰাত সফল হ'ল নগাঁও আৰক্ষী। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ এটা দলে নগাঁও চহৰৰ আজাদ নগৰত অভিযান চলাই ইফুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

প্ৰথম অৱস্থাত আৰক্ষীৰ দল দেখি ইফুৱে পলায়নৰ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে ইফুক ভৰিত গুলীচালনা কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে নগাঁৱৰ ড্ৰাগছৰ সাম্ৰাজ্যৰ অঘোষিত সম্ৰাট হিচাপে পৰিচিত ইফু ওৰফে আব্দুল বাছেট যুৱ কংগ্ৰেছৰ নেতা হিচাপেও পৰিচিত। নিজকে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ গৌৰৱ গগৈৰ ঘনিষ্ঠ হিচাপে পৰিচয় দিয়া ইফুয়ে বিগত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়ো বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল।

হত্যা, অপহৰণ, ড্ৰাগছ আদি বহু অপৰাধজনিত গোচৰত অভিযুক্ত ইফুৱে বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰাজনৈতিক সুৰক্ষা লাভ কৰাৰো অভিযোগ উঠিছিল। কংগ্ৰেছ চৰকাৰৰ শাসনকালত ৰাজনৈতিকভাৱে প্ৰভাৱশালী হৈ পৰা ইফুৱে আৰক্ষীতো বাদেই কংগ্ৰেছৰ বিধায়ককো কেৰেপ কৰা নাছিল। ইফুৱে নগাঁৱৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ বাসগৃহত আক্ৰমণ কৰাৰ গোচৰো ৰুজু হৈ আছে নগাঁও সদৰ আৰক্ষী থানাত।

২০১৬ চনৰ পিছৰ পৰা ইফুক বিচাৰি নগাঁও আৰক্ষীয়ে বহুবাৰ অভিযান চলাইছিল যদিও বাৰে বাৰে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল ইফুৱে। বহু অপৰাধজনিত গোচৰ থকাৰ পিছতো এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ অনুগ্ৰহত ইফুৱে লাভ কৰিছিল পাঠৰি সমবায় সমিতিৰ সভাপতিৰ পদ। এইগৰাকী কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পিছতে নগাঁৱৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

ইতিমধ্যে গুলীবিদ্ধ ইফুক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰক্ষীয়ে ইফুৰ আন ৭ সহযোগীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন ৭ অপৰাধী ক্ৰমে কবিৰ হুছেইন, ৱাজেদ আলী, সঞ্জু ৰহমান, ফিৰোজ আলী, মিহিৰ দে, সঞ্জয় দেৱ আৰু দিগন্ত বৰগোহাঁই। আৰক্ষীয়ে ইফুৰ পৰা হেৰ'ইনৰ ৭টা কণ্টেইনাৰ, ২৬ বটল কফ চিৰাপ, গাঞ্জা আৰু নগদ ৬ হাজাৰ টকা জব্দ কৰিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: