মুখ্যপৃষ্ঠা »খবৰ »অসম »8th State Film Awards 2023 : অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ পুনৰ বিতৰ্ক, বঁটাবিজয়ী পৰিচালকে পোৱা নাছিল ধনৰাশি

8th State Film Awards 2023 : অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাক লৈ পুনৰ বিতৰ্ক, বঁটাবিজয়ী পৰিচালকে পোৱা নাছিল ধনৰাশি

বৰুৱাৰ ফেচবুক পোষ্টক লৈ ৰাজ্যৰ সাংস্কৃতিক জগতখনত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হয়।

বৰুৱাৰ ফেচবুক পোষ্টক লৈ ৰাজ্যৰ সাংস্কৃতিক জগতখনত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হয়।

বৰুৱাৰ ফেচবুক পোষ্টক লৈ ৰাজ্যৰ সাংস্কৃতিক জগতখনত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হয়।

  • Share this:
সদ্যসমাপ্ত অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান পুনৰ সোমাই পৰিছে বিতৰ্কৰ মাজত। ২০১৮ চনৰ শ্ৰেষ্ঠ তথ্যচিত্ৰ "Alone in the Combat Zone"ৰ বাবে শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা লাভ কৰাৰ পিছত নিৰ্ধাৰিত ধনৰাশি লাভ কৰা নাছিল তথ্যচিত্ৰখনৰ পৰিচালক মঞ্জুল বৰুৱাই।

বাৰম্বাৰ সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰি কোনো সঁহাৰি পোৱা নাছিল। সংশ্লিষ্ট বিভাগে চৰকাৰৰ ধনৰ নাটনি বুলি জনায় পৰিচালকগৰাকীক। অৱশেষত পৰিচালক মঞ্জুল বৰুৱাই তেওঁ পোৱা মনোকষ্ট আৰু ক্ষোভ উজাৰি এই ঘটনা সন্দৰ্ভত বিজ্ঞজনৰ পৰামৰ্শ আৰু চৰকাৰক তদন্তৰ আহ্বান জনাই এটা ফেচবুক পোষ্ট আপলোড কৰে (8th State Film Awards 2023)।

বৰুৱাৰ ফেচবুক পোষ্টক লৈ ৰাজ্যৰ সাংস্কৃতিক জগতখনত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হয়। অৱশেষত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পিছত মন্ত্ৰী বিমল বড়াৰ হস্তক্ষেপত সংশ্লিষ্ট বিভাগৰ পৰা নিৰ্ধাৰিত পুৰস্কাৰৰ ধনৰাশি লাভ কৰে পৰিচালক মঞ্জুল বৰুৱাই। আনহাতে পৰিচালক মঞ্জুল বৰুৱাই মন্ত্ৰী বিমল বৰাক এই ঘটনা সন্দৰ্ভত তদন্তৰ আহ্বান জনায় আৰু মন্ত্ৰীগৰাকীয়ে এই সংক্ৰান্তত উচিত তদন্তৰ আশ্বাস প্ৰদান কৰে পৰিচালক মঞ্জুল বৰুৱাক।

ইয়াৰ পিছত বৰুৱাই তেওঁৰ পূৰ্বৰ ফেচবুক পোষ্টটো ডিলিট কৰে আৰু এই সন্দৰ্ভত উল্লেখ কৰে এনেদৰে- ''মাননীয় মন্ত্ৰী বিমল বৰাদেৱৰ অনুৰোধত অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁ‌টা লাভ কৰিও আজিলৈকে পাবলগীয়া চেকখনৰ সন্দৰ্ভত দিয়া মোৰ ফেচবুক পোষ্টটো এতিয়া আঁতৰাই দিছোঁ। মন্ত্ৰী মহোদয়ে মোক ইয়াৰ উচিত তদন্তৰ আশ্বাস দিছে। মোৰ পোষ্টটোত সঁহাৰি দিয়া আৰু মোক প্ৰতি মুহূৰ্তত দিহা-পৰামৰ্শ দি থকা সকলোলৈ ধন্য়বাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু যাতে এটা নতুন বিতৰ্ক নহওক তাকে কামনা কৰিছোঁ। বিষয়টো অতি ক্ষিপ্ৰতাৰে সমাধান কৰাত সাংস্কৃতিক বিভাগৰ মাননীয় মন্ত্ৰী বিমল বৰা ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ।''

শেহতীয়া বাতৰি