• Home
  • »
  • News
  • »
  • assam
  • »
  • ২৪ ঘণ্টা নহ’লেই! প্ৰদীপ দত্ত ৰয়ৰ ভাবুকিৰ পিছতে বৰাকত প্ৰশাসনে আঁতৰালে অসমীয়া ভাষাৰ চৰকাৰী বিজ্ঞাপন

২৪ ঘণ্টা নহ’লেই! প্ৰদীপ দত্ত ৰয়ৰ ভাবুকিৰ পিছতে বৰাকত প্ৰশাসনে আঁতৰালে অসমীয়া ভাষাৰ চৰকাৰী বিজ্ঞাপন

ইয়াৰ পূৰ্বেও জল জীৱন মিছনৰ অসমীয়া ভাষাত লিখা এখন চৰকাৰী বিজ্ঞাপনৰ হৰ্ডিঙত ক’লা ৰং সানি দিয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পূৰ্বেও জল জীৱন মিছনৰ অসমীয়া ভাষাত লিখা এখন চৰকাৰী বিজ্ঞাপনৰ হৰ্ডিঙত ক’লা ৰং সানি দিয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পূৰ্বেও জল জীৱন মিছনৰ অসমীয়া ভাষাত লিখা এখন চৰকাৰী বিজ্ঞাপনৰ হৰ্ডিঙত ক’লা ৰং সানি দিয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

  • Share this:
অসমীয়া ভাষাৰ ফলকত ক’লা ৰং সানি অসমীয়াক চূড়ান্ত অপমান কৰাৰ পিছত বৰাকত পুনৰ অসমীয়া ভাষাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ! শিলচৰৰ পৰা অসমীয়া ভাষাৰ বিজ্ঞাপনৰ ফলত আঁতৰাবলৈ চৰকাৰক ২৪ ঘণ্টাৰ সময় দিলে বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট নামৰ সংগঠনটোৱে। ফলত আঁতৰ নকৰিলে বিকল্প ব্যৱস্থা লোৱাৰো হুংকাৰ সংগঠনটোৰ। প্ৰশাসনে ভাষা আইন উলংঘা কৰাৰ অভিযোগ সংগঠনটোৰ।

উল্লেখযোগ্য যে শিলচৰ ৰে’ল ষ্টেচনৰ পিছত এইবাৰ কোভিডৰ ভেকচিন সম্পৰ্কীয় এখন অসমীয়া ভাষাত লিখা বিজ্ঞাপনৰ হডিং শিলচৰ মেহেৰপুৰ অঞ্চলত লগোৱা হৈছিল। তাক লৈ বিৰোধিতা কৰে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী প্ৰদীপ দত্ত ৰয়ে। ২৪ ঘণ্টাৰ ভিতৰত অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপন আঁতৰাই দিয়াৰ বাবে সময়সীমা বান্ধি দিয়ে প্ৰদীপ দত্ত ৰয়ে।

প্ৰদীপ দত্ত ৰয়ে কয়, ‘‘আমি অসমত বাস কৰো, অসমীয়া ভাষাতো থাকক, কিন্তু বৰাকৰ স্থানীয় ভাষা যিহেতু বাংলা, গতিকে তাত বাংলা ভাষাও থাকিব লাগে। বৰাকৰ বহু মানুহে অসমীয়া ভাষা বুজি নাপায়। দুয়োটা ভাষা থাকিলে আমাৰ কোনো আপত্তি নাই। বৰাক ভেলীত অসমীয়া ভাষা থাকিব, কিন্তু স্থানীয় ভাষা হিচাপে বাংলাও থাকিব লাগে।’’

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও জল জীৱন মিছনৰ অসমীয়া ভাষাত লিখা এখন চৰকাৰী বিজ্ঞাপনৰ হৰ্ডিঙত ক’লা ৰং সানি দিয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইফালে, বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে বান্ধি দিয়া ২৪ ঘণ্টাৰ সময়সীমাৰ ভিতৰতে অসমীয়া ভাষাত লিখা চৰকাৰী বিজ্ঞাপন আঁতৰাই দিলে জিলা প্ৰশাসনে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: