• Home
  • »
  • News
  • »
  • assam
  • »
  • কলিয়াভোমোৰা দলঙত পুনৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল কণ্টেইনাৰ, দুৰ্ঘটনাত পতিত কণ্টেইনাৰত খুন্দা মেজিকৰ

কলিয়াভোমোৰা দলঙত পুনৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল কণ্টেইনাৰ, দুৰ্ঘটনাত পতিত কণ্টেইনাৰত খুন্দা মেজিকৰ

অন্ধকাৰৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ কথা ব্যক্ত কৰিছে দুৰ্ঘটনাগ্ৰস্ত কণ্টেইনাৰখনৰ চালকে৷

  • Share this:
কলিয়াভোমোৰা দলঙত পুণৰ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই এখন কণ্টেইনাৰ বাগৰি পৰে দলঙৰ ওপৰত৷ দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে NL 01AB 3444। তিনিচুকীয়াৰ ডুমডুমাৰ পৰা হিন্দুস্তান লিভাৰ কোম্পানীৰ প্ৰসাধন সামগ্ৰী কঢ়িয়াই আনিছিল হায়দৰাবাদলৈ বুলি৷ আঘাতপ্ৰাপ্ত হৈছে ট্ৰাকখনৰ চালক মনোজ চাহ৷ সন্ধানহীন হৈ আছে দিলীপ নামৰ হেণ্ডিমেনজন৷ হেণ্ডিমেন ব্ৰহ্মপুত্ৰৰ বুকুত পৰাৰ সন্দেহ কৰা হৈছে৷

আনহাতে, বিপৰীত দিশৰ পৰা অহা এখন মেজিক বাহনে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত খুন্দিওৱাৰ ফলত বাহনখনৰ ক্ষতিসাধন হয়৷ দুৰ্ঘটনাত মেজিক বাহনৰ চালক চহিদুল ইছলামো আহত হয়৷ বাইহাটাৰ পৰা ডিব্ৰুগড়লৈ আনি আছিল মেজিক বাহনখন৷

আহত দুয়োখন বাহনৰ চালকক কলিয়াবৰ চিকিৎসালয়লৈ নিয়া হয় আৰু আঘাত গুৰুতৰ নোহোৱাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়৷

অন্ধকাৰৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাৰ কথা ব্যক্ত কৰিছে দুৰ্ঘটনাগ্ৰস্ত কণ্টেইনাৰখনৰ চালকে৷

দুৰ্ঘটনাস্থলীত SDRF, NDRF, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী তথা যান-বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত কণ্টেইনাৰখন আঁতৰোৱাৰ চেষ্টা চলাইছে৷
Published by:Sanjay Kumar Das
First published: