দৰিদ্ৰ পৰিয়ালটোৰ ওচৰত টকা যোগাৰ কৰি মৃতদেহ অনাৰ কোনো বাট নাছিল।
দৰিদ্ৰ পৰিয়ালটোৰ ওচৰত টকা যোগাৰ কৰি মৃতদেহ অনাৰ কোনো বাট নাছিল।
- News18
- Last Updated :
অৱশেষত স্ব–গৃহ পালেহি অজয় কলৰ মৃতদেহ। হায়দৰাবাদত মৃত্যুক আঁকোৱালি লৈছিল মৰিয়নিৰ যুৱকজনে। NEWS18ত সম্প্ৰচাৰ হৈছিল অজয় কলৰ মৃত্যুৰ বাতৰি। দৰিদ্ৰ পৰিয়ালটোৰ মৃতদেহ আনিবলৈও সামৰ্থ নাছিল। জুবিন গাৰ্গৰ নিৰ্দেশত জুবিন ফেন ক্লাৱে এই দায়িত্ব লৈছিল। হায়দৰাবাদস্থিত জুবিন ফেন ক্লাৱে গ্ৰহণ কৰিলে সমস্ত খৰচ
হায়দাৰাবাদৰ মিয়াপুৰ ৰোডত কৰ্মৰত আছিল যুৱকজন। এটা কোম্পানীত সুৰক্ষাকৰ্মীৰূপে নিয়োজিত আছিল অজয় কল। সহকৰ্মীয়ে ডেংগীত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি কৈছিল পৰিয়ালক। কিন্তু পৰিয়ালৰ সন্দেহ এয়া এক হত্যাকাণ্ড।
মৃত যুৱকজনৰ ঘৰ মৰিয়নিৰ চুতীয়াকাৰীত।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|