২০২১ বৰ্ষৰ বিগত বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ হৈ মৰিয়নি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ আছিল, নিৰ্বাচনী বৈতৰণী পাৰ হ'বৰ বাবে ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈৰ ঘৰলৈ গৈ মাতৃৰ চৰণ চুই আশীৰ্বাদো লৈছিল। কিন্তু উপ-নিৰ্বাচনত বিজেপিৰ পৰা জয়ী হোৱাৰ পিছতে অখিল গগৈৰ বিৰুদ্ধে গৰজি উঠিল ৰূপজ্যোতি কুৰ্মী। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে বিভিন্ন কটু বাক্যৰে অখিল গগৈক সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
ৰূপজ্যোতি কুৰ্মীয়ে অখিল গগৈক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে অখিল গগৈৰ দৰে এজন অকৰ্মণ্য লোক দল-সংগঠনসমূহৰ আবেদনৰ ওপৰত ভিত্তি কৰিহে শিৱসাগৰৰ দৰে সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছিল । কিন্তু এতিয়া এটা এটাকৈ দল, সংগঠনে ৰাইজৰ দলক এৰি গৈ আছে বুলি মত ব্যক্ত কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
"অখিল গগৈ শেষ। থাওৰা সমষ্টিত বিপুল ভোটত হৰাৰ পিছতে অখিল গগৈ শেষ। অখিল গগৈৰ অলপ যি আছিল মই শেষ কৰি পেলালোঁ। অখিল গগৈ এনে এজন ৪২০, ঠগবাজ মানুহ যি নদীবান্ধৰ আন্দোলনত কৃষকসকলক লৈ গৈছিল, কিন্তু পিছত কি হ'ল আমি দেখিছোঁ। ইয়াৰ পিছত পুনৰ কৃষকসকলক লৈ গ'ল আৰু কাজিৰঙাত অৰ্কিড পাৰ্কৰ নামত এশ বিঘা মাটি লৈ ল'লে । কিন্তু এতিয়া অখিল গগৈ খটম হ'বলৈ গৈছে । বাকী থাকিল কংগ্ৰেছ । কংগ্ৰেছ কেৱল অসমতে নহয় , ভাৰতৰ পৰাই শেষ হ'বলৈ গৈ আছে।" -মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আৰু এনেদৰে কয়।
আনহাতে এপিচিচিৰ কাৰ্যকৰী সভাপতি জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীকো তীব্ৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে । ৰাণা গোস্বামীক কটাক্ষ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ৰাণা গোস্বামী চেঙেলি মাছটো বাদেই ডঁৰিকণা মাছৰ লগতো তুলনা নহয় ।
" ৰাণা গোস্বামীয়ে দুবাৰকৈ নিৰ্বাচনত হাৰিছে। এতিয়া বিজেপিত যোগদান কৰিবলৈ মন মেলিছে । কিন্তু তেওঁৰ দৰে অদৰকাৰী নেতাৰ বিজেপিত কোনো কাম নাই । ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰিবলৈ মন মেলিলেও তেওঁক নাকচ কৰা হ'ব বুলি বিজেপি নেতৃত্বই আমাক জানিবলৈ দিছে। " - ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কয় ।
আনহাতে উপ-নিৰ্বাচনৰ পূৰ্বে সামাজিক মাধ্যমত ব্যাপকভাবে চৰ্চিত নিজৰ হাঁহিটো সন্দৰ্ভতো মত ব্যক্ত কৰে মৰিয়নিৰ নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে । ৰূপজ্যোতি কুৰ্মীয়ে কয় যে যেতিয়া নিজৰ কামৰ ওপৰত প্ৰচুৰ আত্মবিশ্বাস থাকে, তেতিয়াহে এনেধৰণে হাঁহি মাৰিব পৰা যায় ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|