உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মুম্বাইত প্ৰশিক্ষণ লৈ ৰূপজ্যোতি কুর্মীয়ে এইবাৰ কংগ্ৰেছ-AIUDFক প্ৰশিক্ষণ দিবলৈ সাজু ...

    মুম্বাইত প্ৰশিক্ষণ লৈ ৰূপজ্যোতি কুর্মীয়ে এইবাৰ কংগ্ৰেছ-AIUDFক প্ৰশিক্ষণ দিবলৈ সাজু ...

    ৰূপজ্যোতি কুৰ্মীয়ে ক'লে- “কংগ্ৰেছ, AIUDF, ৰাইজৰ দলৰ সকলো বিধায়ককে ট্ৰেইনিঙৰ প্ৰয়োজন আছে । অখিল গগৈ, ভূপেন বৰা, বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন সকলোকে এদিনৰ বাবে প্ৰশিক্ষণ দিবলৈ মই সাজু আছো ৷”

    • Share this:
    মুম্বাইত দলীয় প্ৰশিক্ষণ গ্ৰহণ কৰি সলনি হ'ল কথা চহকী আৰু বহু চৰ্চিত ন-বিজেপি ৰূপজ্যোতি কুর্মী । মুম্বাইত তিনিদিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি গুৱাহাটীলৈ উভতি আহি সাংবাদিকৰে হোৱা বাৰ্তালাপত সোমবাৰে ক'লে- “মই এতিয়া আগৰ দৰে কথা নকও ৷ মুম্বাইত অহংকাৰ ত্যাগ কৰি ৰাইজৰ কথা শুনিবলৈ প্ৰশিক্ষণ লৈছে সকলো বিজেপি মন্ত্ৰী বিধায়কে । সেই হিচাপত আমি এতিয়া কথা কম আৰু কাম কৰিম ৷”

    লগতে ৰূপজ্যোতি কুৰ্মীয়ে ক'লে- “কংগ্ৰেছ, AIUDF, ৰাইজৰ দলৰ সকলো বিধায়ককে ট্ৰেইনিঙৰ প্ৰয়োজন আছে । অখিল গগৈ, ভূপেন বৰা, বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন সকলোকে এদিনৰ বাবে প্ৰশিক্ষণ দিবলৈ মই সাজু আছো ৷”

    বিৰোধী কংগ্ৰেছ-AIUDFক প্ৰতিহত কৰিবলৈ সাজু বুলি সদৰি কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ কুৰ্মীয়ে ক'লে- “বিৰোধীক উত্তৰ দিবলৈ অস্ত্ৰ সাজু আছে । বিৰোধীয়ে এবাৰ আক্ৰমণ কৰিলে মই দহবাৰ প্ৰত্যাক্ৰমন কৰিবলৈ মোৰ হাতত অস্ত্ৰ সাজু আছে ৷”
    Published by:Kokil Sarma
    First published: