ডাঙৰ খবৰ! পিতৃ-মাতৃৰ পিছত আজীৱন পেন্সন লাভ কৰিব যুৱতীয়ে, মন্ত্ৰী হিমন্তই কৰিলে ঘোষণা

News18 Assam | News18-Assam
Updated:February 22, 2021, 10:33 PM IST
ডাঙৰ খবৰ! পিতৃ-মাতৃৰ পিছত আজীৱন পেন্সন লাভ কৰিব যুৱতীয়ে, মন্ত্ৰী হিমন্তই কৰিলে ঘোষণা
কোনো দুখীয়া লোকে পৰিশোধ কৰিব নালাগে মাইক্ৰফাইনেন্সৰ ঋণ। ঋণ বিচাৰি আহিলে গ্ৰেপ্তাৰ হব মেনেজাৰ, কৰ্মচাৰী!

কোনো দুখীয়া লোকে পৰিশোধ কৰিব নালাগে মাইক্ৰফাইনেন্সৰ ঋণ। ঋণ বিচাৰি আহিলে গ্ৰেপ্তাৰ হব মেনেজাৰ, কৰ্মচাৰী!

  • News18 Assam
  • Last Updated: February 22, 2021, 10:33 PM IST
  • Share this:
পিতৃ-মাতৃৰ বিয়োগৰ পিছতো আজীৱন পেন্সন লাভ কৰিব যুৱতীয়ে। এই ডাঙৰ ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে সকলো যুৱতীয়ে নহয়। বিয়া নোহোৱা যুৱতীয়েহে  পাই থাকিব আজীৱন পেন্সন। ৰাজ্য চৰকাৰে দিব আজীৱন পেন্সন। ইতিমধ্যে চৰকাৰে হাতত লৈছে এখন নতুন আঁচনি।

মন্ত্ৰী হিমন্তৰ মতে, 'এনেধৰণৰ কথা কোনেও চিন্তাই কৰিব পৰা নাছিল।  আগতে পিতৃ-মাতৃৰ মৃত্যুৰ পিছত ঘৰত থাকি যোৱা অবিবাহিত ছোৱালীজনীয়ে পেন্সন পোৱা নাছিল। কিন্তু এতিয়া  সিদ্ধান্ত লোৱা হৈছে যে, দেউতাকৰ মৃত্যুৰ পিছত মাকে পেন্সন পাব আৰু মাকৰ মৃত্য়ুৰ পিছত ঘৰত থকা অবিবাহিত ছোৱালীজনীয়ে আজীৱন লাভ কৰিব পেন্সন।'

ইয়াৰ উপৰিও ১৫ কোটি লৈকে মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰিব পাৰে চৰকাৰে। ইতিমধ্যে এই সন্দৰ্ভত চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। সেইদৰে এতিয়াৰ পৰা ঋণ লোৱা কোনো মহিলা অপমানিত হ'ব নালাগে বুলিও জনাই দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাৰণ কোনো দৰিদ্ৰ মহিলাই উভতাব নালাগে ঋণ। আনহাতে ঋণ বিচাৰি হাৰাশাস্তি কৰিলে গ্ৰেপ্তাৰ হ'ব বেংকৰ মেনেজাৰ পৰ্যন্ত। ৰাজ্যপালে অনুমোদন জনালেই আইনত পৰিণত হ'ব এই বিধেয়ক। এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Published by: Himangshu Bhuyan
First published: February 22, 2021, 10:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি