• Home
  • »
  • News
  • »
  • assam
  • »
  • Aminul Islam Blasts : ইটোটকৈ সিটো চৰা! শ্বেৰমানৰ পিছত এইবাৰ আমিনুল ইছলামৰ বিস্ফোৰণ- 'জ্বলা জুইত ঘীউ ঢালিছে মুখ্যমন্ত্ৰীয়ে'

Aminul Islam Blasts : ইটোটকৈ সিটো চৰা! শ্বেৰমানৰ পিছত এইবাৰ আমিনুল ইছলামৰ বিস্ফোৰণ- 'জ্বলা জুইত ঘীউ ঢালিছে মুখ্যমন্ত্ৰীয়ে'

আমিনুল ইছলাম, AIUDF বিধায়ক, ধিং

আমিনুল ইছলাম, AIUDF বিধায়ক, ধিং

Aminul Islam Blasts : আমিনুল ইছলামে কয় , "নেলীত ৩৪০০ লোকক হত্যা কৰা হৈছিল ৷ চাউলখোৱা চাপৰিত ৩৯০০ লোকক হত্যা কৰা হৈছিল ৷"

  • Share this:
অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দি অৱশেষত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদ গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ ছচিয়েল মিডিয়াত বিস্ফোৰণ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। ফেছবুক লাইভত আমিনুল ইছলামে অসম আন্দোলনৰ ঘটনাক লৈ কৰিলে বিস্ফোৰণ। আমিনুলৰ অভিযোগ- 'জ্বলা জুইত ঘীউ ঢালিছে মুখ্যমন্ত্ৰীয়ে...'

আমিনুলে কয়, (১৯)"৮৩ৰ গণহত্যাৰ কথা এতিয়া কিয় চৰ্চা কৰা হৈছে? পুৰণি ঘাঁ শুকাই গ'ল। শুকাই যোৱা ঘাঁ কিয় খুঁচৰিছে BJPয়ে? গৰুখুঁটিৰ ঘটনাত নিহতৰ ঘটনাক ন্যাৰ্যতা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী, একাংশ বিজেপি নেতা আৰু গোদী মিডিয়াই চেষ্টা কৰিছে । নেলীৰ গণহত্যাৰ বলিসকল ছহীদ ৷ গণহত্যাৰ বলিসকল নীৰিহ লোক আছিল । কংগ্ৰেছে তেওঁলোকক ছহীদৰ স্বীকৃতি নিদিলে।" চাওক কি কৈছিল ধিঙৰ বিধায়ক আমিনুল ইছলামে।



আমিনুল ইছলামে আৰু কয় , "অনাহকত ১৯৮৩ৰ ঘটনাক টানী অনা হৈছে। নেলীত ৩৪০০ লোকক হত্যা কৰা হৈছিল ৷ নেলীতকৈ বেছি লোকক হত্যা কৰা হৈছিল চাউলখোৱা চাপৰিত ৷ চাউলখোৱা চাপৰিত ৩৯০০ লোকক হত্যা কৰা হৈছিল ৷ নেলীৰ গণহত্যা বিশ্বজুৰি চৰ্চা হৈছিল ৷ কিন্ত চাউলখোৱা চাপৰিৰ গণহত্যাই চৰ্চা নাপালে।"

গৰুখুঁটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ ১৯৮৩ চনৰ ঘটনা সমূহে নতুনকৈ জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ইয়াৰ মাজতে বিতৰ্কিত মন্তব্য কৰি গ্ৰপ্তাৰ হ'ল শ্বেৰমান আলী। শেহতীয়াকৈ আমিনুল ইছলামৰ অভিযোগ বিজেপিয়েই গৰুখুঁটিৰ দোষ ঢাকিবলৈ ৮৩ৰ ঘটনাৰ প্ৰসংগ টানি আনিছিল আৰু তাৰ প্ৰত্যুত্তৰতহে শ্বেৰমান আলীয়ে মন্তব্য কৰিছিল ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি