মুখ্যপৃষ্ঠা » খবৰ

» অসম

»৫,৬ জুলাইত কংগ্ৰেছ শূন্য হ'ব নেকি মৰিয়নী? ৰূপজ্যেতিৰ পিছত আৰু কোন কংগ্ৰেছী বিধায়ক বিজেপিলৈ?

৫,৬ জুলাইত কংগ্ৰেছ শূন্য হ'ব নেকি মৰিয়নী? ৰূপজ্যেতিৰ পিছত আৰু কোন কংগ্ৰেছী বিধায়ক বিজেপিলৈ?

News18 Assam | News18-Assam
Updated:June 26, 2021, 10:22 AM IST
৫,৬ জুলাইত কংগ্ৰেছ শূন্য হ'ব নেকি মৰিয়নী? ৰূপজ্যেতিৰ পিছত আৰু কোন কংগ্ৰেছী বিধায়ক বিজেপিলৈ?
টীম ৰূপজ্যোতিয়ে কোন কোন মন্ত্ৰী-সাংসদৰ উপস্থিতিত কৰিব BJPত যোগদান?

টীম ৰূপজ্যোতিয়ে কোন কোন মন্ত্ৰী-সাংসদৰ উপস্থিতিত কৰিব BJPত যোগদান?

  • Share this:
জুলাইৰ ৫ বা ৬ তাৰিখে মৰিয়নীত বিজেপিত যোগদান কৰিব টিম ৰূপজ্যোতিয়ে। ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে কোৱা মতে, সেইদিনাই সমষ্টিটোৰ ৯০ শতাংশ কংগ্ৰেছীয়ে যোগদান কৰিব বিজেপিত। উপস্থিত থাকিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। কিন্তু মুখ্যমন্ত্ৰী উপস্থিত থাকিব নোৱাৰিলেও মন্ত্ৰী পীয়ুষ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, পল্লৱলোচন দাস উপস্থিত থাকিব যোগদান কাৰ্যসূচীত।

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৬০ জনীয়া প্ৰতিনিধি দলৰ সৈতে ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে। News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰূপজ্যোতি কুৰ্মীয়ে ক'লে- “মুখ্যমন্ত্ৰীক আজি ৬০জনীয়া প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে ৷ মোক সন্মান দিয়া বা মোৰ টীমে পোৱা সন্মানৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ৷ মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত তেওঁলোক সুখী ৷”

ইপিনে কমলাক্ষ দে পুৰুকায়স্থৰ সৈতে শুকুৰবাৰে এক বন্ধত্বমূলক আলোচনাত বহে কংগ্ৰেছ ত্যাগী ৰূপজ্যোতি কুৰ্মী ৷ এই সন্দৰ্ভত কুৰ্মীয়ে News18ক ক'লে- “কমালক্ষ দে পুৰুকায়স্থ মোৰ ভাল বন্ধু ৷ আমি কথা পাতিলো আৰু তেওঁক BJPত যোগ দিবলৈ আহ্বান জনালো ৷ তেওঁ হাঁহিলে ৷ আশা কৰিছো তেওঁ BJPলৈ আহিব ৷ তেওঁ আহিলে মোতকৈ বেছি সন্মান লাভ কৰিব ৷ মোৰ বোধেৰে আৰু কংগ্ৰেছী বিধায়ক BJPলৈ আহিব আৰু সমষ্টি উন্নয়ন কৰিব মুখ্যমন্ত্ৰীৰ সহায়-সহযোগত ৷”
Published by: Himangshu Bhuyan
First published: June 26, 2021, 10:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি