সভাপতি ৰণজিৎ দাসৰ এই ঘোষণাই স্বাভাৱিকতে তোলপাৰ লগাইছে বিজেপিৰ ভিতৰচ’ৰাত।
সভাপতি ৰণজিৎ দাসৰ এই ঘোষণাই স্বাভাৱিকতে তোলপাৰ লগাইছে বিজেপিৰ ভিতৰচ’ৰাত।
ৰিপ’ৰ্ট কাৰ্ডে সৃষ্টি কৰা মূৰৰ কামোৰণি শেষ হোৱাই নাই। এইবাৰ বিজেপিয়ে আৰম্ভ কৰিছে টিকট প্ৰত্যাশীৰ গ্ৰহণযোগ্যতাৰ ছাৰ্ভে। এটা সংগঠনৰ জৰিয়তে বিজেপিয়ে আৰম্ভ কৰা ছাৰ্ভেই স্বাভাৱিকতেই ২০২১ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক সদৰ হেঙেৰাবাৰীত ভিৰ কৰি থকা টিকট প্ৰত্যাশীসকলৰ চিন্তাত লগাইছে আউল৷
বিজেপিৰ আভ্যন্তৰত সবাতোকৈ চৰ্চিত বিষয় এইটোৱেই। কাৰণ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে ঘোষণা কৰিছে যে ৰিপ’ৰ্ট কাৰ্ড আৰু ছাৰ্ভেৰ ওপৰত নিৰ্ভৰ ২১ৰ বিধানসভাৰ নিৰ্বাচনৰ টিকট৷ ৰিপ’ৰ্ট কাৰ্ডৰ পিছত আৰম্ভ হৈছে বিজেপিৰ নিৰ্বাচনী ছাৰ্ভে৷ টিকট লাভৰ প্ৰথম পৰ্যায় বিধায়কৰ ৰিপ’ৰ্ট কাৰ্ড প্ৰস্তুত হৈ উঠিছে৷
"৯৫ শতাংশ বিধায়কৰ ৰিপ’ৰ্ট কাৰ্ড ভাল৷ ৰিপ’ৰ্ট কাৰ্ড ভাল হ'লেই নহ'ব৷ মই এটা সংগঠনৰ জৰিয়তে সমষ্টিভিত্তিক এটা ছাৰ্ভে চলাইছো৷ ছাৰ্ভেৰ ৰিপ’ৰ্ট অহাৰ পিছত ৰাষ্ট্ৰীয় নেতৃত্বয়ো চলাব ছাৰ্ভে৷" – ক’লে সভাপতি ৰণজিৎ কুমাৰ দাসে। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কোৱাৰ দৰে যদি ৯৫ শতাংশ বিধায়কৰ ৰিপ’ৰ্ট কাৰ্ড ভাল তেন্তে, কোন ৫ শতাংশ বিধায়কৰ ৰিপ’ৰ্ট কাৰ্ড বেয়া?
আমাৰ হাতত পৰা তথ্য অনুসৰি, ৮ গৰাকী বিধায়কৰ ৰিপ’ৰ্ট কাৰ্ড অতি বেয়া৷ যদি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৈ অহাৰ দৰেই ২১ৰ বিধানসভাৰ নিৰ্বাচনৰ টিকট ৰিপ’ৰ্ট কাৰ্ডৰ ভিত্তিত প্ৰদান কৰা হয়, তেন্তে ৰিপ’ৰ্ট কাৰ্ডত নিগেটিভ মাৰ্ক অহা ৮ গৰাকী বিধায়ক বঞ্চিত হ'ব পাৰে টিকটৰ পৰা৷ কিন্তু ৰিপ’ৰ্ট কাৰ্ড ভাল অহা সকলেই যে টিকট লাভ কৰিব তেনে কোনো নিশ্চয়তা নাই। কাৰণ ৰিপ’ৰ্ট কাৰ্ড হাতত লৈ বিজেপিয়ে আৰম্ভ কৰিছে ছাৰ্ভে৷
ৰিপ’ৰ্ট কাৰ্ডৰ সমান্তৰালভাবে ছাৰ্ভেত যিসকল বাছনিত উঠিব তেওঁলোকেহে লাভ কৰিব ২১ৰ নিৰ্বাচনৰ টিকট। ৰাজ্যিক বিজেপিৰ মূল কমিটি গঠন হোৱাৰ কেইটামান ঘণ্টাৰ পূৰ্বে সভাপতি ৰণজিৎ দাসৰ এই ঘোষণাই স্বাভাৱিকতে তোলপাৰ লগাইছে বিজেপিৰ ভিতৰচ’ৰাত। কাৰণ ৰিপ’ৰ্ট কাৰ্ড ভাল হলেই টিকট লাভ কৰিম বুলি আশা পালি থকাসকলৰ চিন্তাত আউল লগাইছে ছাৰ্ভেই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|