உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কোৰোণাৰ পৰা আৰোগ্য লাভ কৰি আকৌ কৰ্তব্যত নিয়োজিত হ’ল ২৫ গৰাকী আৰক্ষী, সম্বৰ্ধনা জনাল আৰক্ষী অধীক্ষকে

    কোৰোণাৰ পৰা আৰোগ্য লাভ কৰি আকৌ কৰ্তব্যত নিয়োজিত হ’ল ২৫ গৰাকী আৰক্ষী, সম্বৰ্ধনা জনাল আৰক্ষী অধীক্ষকে

    আনকি আক্ৰান্ত হোৱা ৪ গৰকী আৰক্ষীয়ে সুস্থ হৈ উঠাৰ পিছত প্লাজমা দান কৰিব বুলিও জানিবলৈ দিয়ে।

    আনকি আক্ৰান্ত হোৱা ৪ গৰকী আৰক্ষীয়ে সুস্থ হৈ উঠাৰ পিছত প্লাজমা দান কৰিব বুলিও জানিবলৈ দিয়ে।

    আনকি আক্ৰান্ত হোৱা ৪ গৰকী আৰক্ষীয়ে সুস্থ হৈ উঠাৰ পিছত প্লাজমা দান কৰিব বুলিও জানিবলৈ দিয়ে।

    • Share this:
    বৰপেটাত কোৰোণাত আক্ৰান্ত হোৱা ২৫ গৰাকী আৰক্ষীৰ লোক সুস্থ হৈ কৰ্তব্যত আকৌ যোগদান কৰিলে। কোৰোণা যোদ্ধা কেইজনক সম্বৰ্ধনা জনালে আৰক্ষী অধীক্ষকে। আনকি আক্ৰান্ত হোৱা ৪ গৰকী আৰক্ষীয়ে সুস্থ হৈ উঠাৰ পিছত প্লাজমা দান কৰিব বুলিও জানিবলৈ দিয়ে।

    উল্লেখযোগ্য যে, বৰপেটা জিলাৰ কেবাখনো থানাত কৰ্মৰত ৫৪ গৰাকী আৰক্ষীৰ লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। তাৰে ভিতৰত সুস্থ হৈ উঠিল ২৫ গৰাকী আৰক্ষীৰ লোক। কোৰোণা যেদ্ধা হিচাপে সেৱা আগবঢ়াই থকাৰ সময়তে কোৰোণাত আক্ৰান্ত হোৱা এই যোদ্ধাসকলক শণিবাৰে কৰ্তব্যত যোগদানৰ পূৰ্বে বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে সম্বৰ্ধনা জনায় ৷



    কোৰোণাৰ পৰা সুস্থ হৈ কৰ্তব্যত যোগদান কৰা ২৫ আৰক্ষীৰ ভিতৰত আছে কলগাছিয়া থানাৰ ১৫ জন, বৰপেটাৰোড থানাৰ ৪ জন, সৰুপেটা থানাৰ ১ জন, বাঘমাৰা খানাৰ ১ জন আৰু পাঠশালাৰ মহকুমা আৰক্ষীবিষয়া কাৰ্যালয়ৰ ৪ জন আৰক্ষী ৷
    Published by:Himangshu Bhuyan
    First published: