ভাতৃ ৰাজেন বৰঠাকুৰৰ আধৰুৱা সপোন পূৰণ কৰিব জিতেন বৰঠাকুৰে 

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:54 PM IST
ভাতৃ ৰাজেন বৰঠাকুৰৰ আধৰুৱা সপোন পূৰণ কৰিব জিতেন বৰঠাকুৰে 
ৰঙাপাৰা সমষ্টিত বিজেপিৰ হৈ যুঁজিবলৈ সাজু প্ৰয়াত ৰাজেন বৰঠাকুৰৰ জ্যেষ্ঠ ভাতৃ জিতেন বৰঠাকুৰ

ৰঙাপাৰা সমষ্টিত বিজেপিৰ হৈ যুঁজিবলৈ সাজু প্ৰয়াত ৰাজেন বৰঠাকুৰৰ জ্যেষ্ঠ ভাতৃ জিতেন বৰঠাকুৰ

  • News18 Assam
  • Last Updated: February 20, 2020, 12:54 PM IST
  • Share this:
১০ ডিচেম্বৰত দুটাকৈ সমষ্টিৰ ৰাইজক কন্দুৱাই এই সংসাৰৰ পৰা আঁতৰি গৈছিল মৃদুভাষী,জনপ্ৰিয় নেতা ৰাজেন বৰঠাকুৰ ৷ ৰঙাপৰা সমষ্টিৰ উপনিৰ্বাচনত জয়ী হৈ সমষ্টিটোক অসমৰ দহটা শ্ৰেষ্ঠ সমষ্টিলৈ উন্নীত কৰাৰ শপত লৈছিল ৰাজেন বৰঠাকুৰে ৷ শপত লোৱাৰ কেইদিনমান হৈছিলহে, হঠাৎ মৃত্যুক সাৱটি ল'লে ৰঙাপৰা সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰে ৷

২০১১চনত তেজপুৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ প্ৰথমবাৰলৈ বিধানসভালৈ অহা ৰাজেন বৰঠাকুৰ আছিল মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ৷ সেই ঘনিষ্ঠতাৰ হেতু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল ৰাজেন বৰঠাকুৰে ৷ ২০১৬ত অগপৰে আসন বুজাবুজি হোৱাত তেজপুৰ বিধানসভা সমষ্টি ৰাজেন বৰঠাকুৰে এৰি দিছিল বৃন্দাবন গোস্বামীক ৷ ২০১৯ত লোকসভাৰ নিৰ্বাচনত পল্লৱ লোচন দাস তেজপুৰ সংসদীয় সমষ্টিৰ পৰা জয়ী হোৱাত দলে উপ–নিৰ্বাচনত ৰাজেন বৰঠাকুৰক প্ৰদান কৰিছিল ৰঙাপৰাৰ টিকট ৷

ৰঙাপৰা সমষ্টিৰ পৰা জয়ী হৈ দ্বিতীয়বাৰলৈ বিধানসভালৈ নিৰ্বাচিত হোৱা ৰাজেন বৰঠাকুৰে দেখিছিল পিছ পৰা সমষ্টিটোক উন্নয়নেৰে জিলিকাই তোলাৰ সপোন ৷ এতিয়া সেই আধৰুৱা সপোনকে পূৰণ কৰিবলৈ বিচাৰিছে জ্যেষ্ঠ ভাতৃ জিতেন বৰঠাকুৰে ৷ "তাক ইমান সোনকালে হেৰুৱাম বুলি ভবা নাছিলো ৷ মোৰ ভাতৃ বুলি মই কোৱা নাই, সি পৃথক আছিল ৷ প্ৰতিটো সময়তে সমষ্টিৰ বাবে কিবা এটা কৰাৰ তাৰ হেঁপাহ ৷ ৰঙাপৰা সমষ্টিটোক সি জিলিকাব বিচাৰিছিল ৷ তাৰ আধৰুৱা সপোনবোৰ মই পুৰণ কৰিবলৈ সুযোগ পালে নিশ্চয় কৰিম ৷ দলে যদি টিকট দিয়ে মই নিৰ্বাচন খেলিম ৷ নিদিলেও কথা নাই ৷ তাক মোৰ কামৰ মাজেৰে জীয়াই ৰাখিম মানুহৰ মাজত ৷"
Published by: Himangshu Bhuyan
First published: February 19, 2020, 4:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading