মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari : শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰকৰণক লৈ ৰাইজৰ প্ৰতিবাদ, প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

Nalbari : শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰকৰণক লৈ ৰাইজৰ প্ৰতিবাদ, প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

প্ৰতিবাদকাৰীৰ মতে ১৪৪ ধাৰা প্ৰয়োগ কৰাটোৱে জিলা প্ৰশাসনৰ দুৰ্বলতা উন্মোচন কৰিছে।

প্ৰতিবাদকাৰীৰ মতে ১৪৪ ধাৰা প্ৰয়োগ কৰাটোৱে জিলা প্ৰশাসনৰ দুৰ্বলতা উন্মোচন কৰিছে।

প্ৰতিবাদকাৰীৰ মতে ১৪৪ ধাৰা প্ৰয়োগ কৰাটোৱে জিলা প্ৰশাসনৰ দুৰ্বলতা উন্মোচন কৰিছে।

  • Share this:

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰকৰণৰ সিদ্ধান্তক লৈ আজি ৰাইজে দোকান-পোহাৰ বন্ধ কৰি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত জিলা প্ৰশাসনে নলবাৰীত জাৰি কৰিছে ১৪৪ ধাৰা ( Nalbari district administration imposed Section 144)।


বিগত দুটা দিন ধৰি প্ৰতিবাদত উত্তাল হৈ আছিল নলবাৰী৷ আৰু আজি স্বতঃস্ফূৰ্তভাৱে জিলাখন বন্ধ হৈ পৰিছিল। এনে পৰিপ্ৰেক্ষিতত আইন-শৃংখলাজনিত পৰিস্থিতিৰ দোহাই দি প্ৰশসনে ১৪৪ ধাৰা জাৰি কৰে।


আজিৰে পৰা ৬০ দিনৰ বাবে জিলাখনত বলৱৎ থাকিব এই ধাৰা৷ ইফালে প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰাৰ প্ৰসংগত ৰাইজে গণতান্ত্ৰিক প্ৰতিবাদ মষিমূৰ কৰিবলৈ প্ৰশাসনে এনে সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীসকলে প্ৰকাশ কৰে যে ১৪৪ ধাৰা প্ৰয়োগ কৰাটোৱে জিলা প্ৰশাসনৰ দুৰ্বলতা উন্মোচন কৰিছে।


উল্লেখ্য, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় (Shaheed Mukunda Kakati Civil Hospital) স্থানান্তৰিত কৰি নলবাৰী চহৰৰ পৰা দক্ষিণ গাঁৱত নৱনিৰ্মিত মেডিকেল কলেজৰ লগত সংযুক্ত কৰাক লৈ এই প্ৰতিবাদ কৰে ৰাইজে।

শেহতীয়া বাতৰি