কবিতা গ'ল ৷ এইবাৰ আহিল গান ৷ কবিতাৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গান লিখি গাই দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাই এই গানে এতিয়া শাসকীয় BJPৰ গা জ্বলাইছে ৷
মংগলবাৰে ভূপেন বৰাই গানটো গোৱাৰ পিছতে বুধবাৰে ভূপেনক উভটি ধৰিলে শাসকীয় BJPৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ৷ জয়ন্তৰ দাবী- “কবি হ'ব নোৱাৰি এইবাৰ গান লিখিছে ভূপেন বৰাই ৷ ভূপেন বৰাৰ বেসুৰা গান কোনেও নুশুনে ৷ নিৰ্বাচনত তিনিবাৰ হাৰি কবিতা-গান লিখিছে ভূপেনে ৷”
ইমানতে শান্ত নাথাকিল জয়ন্ত মল্ল বৰুৱা ৷ ভূপেন বৰাক উদ্দেশ্যি জয়ন্তই ক'লে- “ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে চান্দা সংস্কৃতিৰ লগত জড়িত আছিল বৰা ৷”
জয়ন্ত মল্ল বৰুৱাৰ পিছত ভূপেন বৰাক উভটি ধৰিলে BJPৰ আন এজন বিধায়ক দিগন্ত কলিতাই ৷ দিগন্ত কলিতাই ক'লে- “ভূপেন বৰাৰ গানৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দহ মে'ৰ আগতে দিব ৷ এক লাখ নিযুক্তি দি উত্তৰ দিব মুখ্যমন্ত্ৰীয়ে ৷ ভূপেনৰ গানত এক নম্বৰো দিব নোৱাৰি, নম্বৰ মাইনাছতহে দিব পাৰি ৷”
লগতে কংগ্ৰেছৰ বহু বিধায়কৰ দেহটোহে কংগ্ৰেছৰ, মনটো BJPৰ লগত আছে বুলি দাবী কৰে বিধায়ক দিগন্ত কলিতাই ৷
মুঠতে কবিতাৰ পিছত গান লিখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জ্বলাই তুলিছে শাসকীয় BJPক ৷
Published by: Kokil Sarma
FIRST PUBLISHED : February 09, 2022, 15:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।