‘সৰ্বাদাৰ সৈতে মোৰ ২০ বছৰীয়া সম্পৰ্ক, সেয়াটো শেষ হৈ নাযায়’

ফিল্মফেয়াৰত জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ সৈতে আলিংগন কৰা ফটো ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত
ফিল্মফেয়াৰত জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ সৈতে আলিংগন কৰা ফটো ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত
- News18 Assam
- Last Updated: February 17, 2020, 7:37 AM IST
এইবাৰ এই বিতৰ্কত মন্তব্য কৰিছে জুবিন গাৰ্গে। জুবিন গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে, ‘সৰ্বাদাৰ সৈতে মোৰ চিনাকী আজিৰ নহয়। ২০ বছৰ পুৰণি চিনাকী। সৰ্বাদাৰ ঘৰত মই গৈছো থাকিছো। গতিকে তেওঁক লগ পালে মই মাত এষাৰ দিবই লাগিব।’ কোনোবাই ফটো তুলিছে তাত বিতৰ্ক কৰিবলৈ একো নাই।’
জুবিন গাৰ্গে সৰ্বানন্দ সোণোৱালৰ সৈতে ফটো উঠাৰ পিছত বহুতে প্ৰশ্ন কৰিছিল যে, কি হ’বগৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন? এই সম্পৰ্কত জুবিন গাৰ্গে কয় যে, ‘ফিল্মফেয়াৰলৈ গ’লো যদিও নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰি যাম। অব্যাহত থাকিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। এই যুঁজ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নহয়। মুঠতে CAA খন বাতিল হ’ব লাগে, সেইটোহে প্ৰধান উদ্দেশ্য।’ মই যি ভাল পাম মুকলিকৈ কম, যি বেয়া পাম মুকলিকৈ সালোচনা কৰিম।’