৪টা মাহৰ ভিতৰত বিৰোধী শিবিৰৰ পৰা তিনিজন বিধায়কে দল আৰু বিধায়ক পদ এৰি শাসকীয় বিজেপি যোগদান কৰাৰ পিছত এতিয়া চৰ্চা চলিছে আৰু কোন কোন বিধায়কে বিজেপিয়ে যোৱাৰ বাবে প্ৰস্তুতি চলাইছে ৷ এই সন্দৰ্ভত বুধবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই দিলে বহুকেইটা ইংগিত ৷
মৰিয়নিৰ পৰা কংগ্ৰেছী ৰূপজ্যোতি কুৰ্মী আহিল ৷ থাওৰাৰ পৰা আহিল কংগ্ৰেছী সুশান্ত বৰগোহাঁই ৷ ইয়াৰ পিছত বুধবাৰে আহিল ভৱাণীপুৰৰ পৰা AIUDFৰ ফণী তালুকদাৰ৷ বিধায়ক হৈ জয়ী হৈ অহাৰ চাৰি মাহৰ ভিতৰতে এই তিনি বিৰোধী বিধায়কে দল আৰু বিধায়ক পদ এৰি শাসকীয় বিজেপিত যোগ দিলে ৷ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, আৰু কোন কোন বিৰোধী বিধায়ক আহিব BJPলৈ?
এই প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পীয়ুষ হাজৰিকাই ক'লে- “বহু বিৰোধী বিধায়কে যোগদানৰ বাবে কৰিছে যোগাযোগ ৷ কিন্তু সকলোকে যোগদানৰ সুবিধা দিব নোৱাৰি ৷ মিত্ৰজোঁটৰ সংখ্যা ৭৫ৰ পৰা ৭৯লৈ বাঢ়িব ৷”