• Home
  • »
  • News
  • »
  • assam
  • »
  • পেট্ৰ'লৰ পিছে পিছে দৌৰিছে পিঁয়াজ, নগাঁৱত দুদিনত পিঁয়াজৰ দাম বাঢ়িল ২৫টকা, পূজাৰ বজাৰত জুই

পেট্ৰ'লৰ পিছে পিছে দৌৰিছে পিঁয়াজ, নগাঁৱত দুদিনত পিঁয়াজৰ দাম বাঢ়িল ২৫টকা, পূজাৰ বজাৰত জুই

নগাঁৱত প্ৰতিকেজি পিঁয়াজৰ দাম ৭০ টকা

নগাঁৱত প্ৰতিকেজি পিঁয়াজৰ দাম ৭০ টকা

উৎসৱৰ বতৰত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক, ৰাজ্যৰ যোগানমন্ত্ৰী ৰণজিত কুমাৰ দাস আৰু যোগান বিভাগৰ অধ্যক্ষ ৰাজেন গোঁহাইয়ো নিৰ্বিকাৰ।

  • Share this:
সাম্প্ৰতিক সময়ত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি (Petrol-Diesel Price Rise)য়ে ৰাইজক জুৰুলা কৰিছে। পিছে পেট্ৰ'লতকৈ দ্ৰুত গতিত নগাঁৱত বৃদ্ধি পাইছে পিঁয়াজ (Onion Price)ৰ দাম ৷ পেট্ৰ'লে প্ৰতি লিটাৰত শতক পাৰ কৰি আজি ১০০.৭৪ ৰ ঘৰত ভৰি দিছে ৷ ৭ অক্টোবৰৰ পৰা পেট্ৰ'লৰ দাম বৃদ্ধি পাইছে ১ টকা ২৪ পইছা ৷ কিন্তু পিঁয়াজৰ বৃদ্ধি হাৰ জানিলে চকু কপালত উঠিব ৷ ৭ অক্টোবৰত নগাঁৱত পিয়াজৰ প্ৰতি কিলোগ্ৰামত বিক্ৰী দৰ আছিল ৪৫ টকা। কিন্তু ৯ অক্টোবৰত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ বিক্ৰী দৰ হৈছে ৭০ টকা ৷ মাত্ৰ দুদিনতে পিয়াজৰ মূল্য বৃদ্ধি পালে ২৫ টকা ৷ মহঙা পেট্ৰ'ল চাৰি দিনত বৃদ্ধি পালে ১.২৪ টকা ৷ বিপৰীতে দুটা দিনত পিঁয়াজৰ দাম বৃদ্ধি পালে ২৫ টকা ৷ ব্যাপক হাৰত পিঁয়াজৰ দাম বৃদ্ধি পোৱাৰ পিছত চৰকাৰৰ কৰণীয় কি ?

পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি বজাৰত লাগিছে জুই ৷ পুজাৰ বতৰত হঠাৎ বজাৰত (Puja Market) জুই লগাৰ পিছত হাহাকাৰ লাগিছে সৰ্বসাধাৰণৰ মাজত ৷ সাধাৰণ জনতা এতিয়া বজাৰলৈ গৈ খালি মোনা লৈ ঘৰলৈ উভতিব লগা হৈছে ৷ ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি পেট্ৰল-ডিজেলকে ধৰি আলু-পিয়াজকে লৈ জিকা-ভোল-বিলাহি ধৰি সকলো সমাগ্ৰীতে যেন জুই লাগিছে ৷ ভয়াবহ ভাবে বজাৰত জুই লগাৰ পিছতো ৰাজ্যৰ যোগান বিভাগটোৰ অস্তিত্ব বিচাৰি পোৱা নাই নগাঁৱৰ ৰাইজে ৷ শ শ বিষয়া কৰ্মচাৰীৰে গিজগিজাই থকা যোগান বিভাগৰ পদক্ষেপক লৈ ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ উল্লেখযোগ্য যে, যোগানমন্ত্ৰী ৰণজিত কুমাৰ দাস আৰু যোগান বিভাগৰ অধ্যক্ষৰ দায়িত্বত থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইয়ো এইক্ষেত্ৰত নিৰ্বিকাৰ।

নগাঁৱত পেট্ৰলৰ প্ৰতি লিটাৰত দাম ১০০.৭৪ টকা,  ডিজেল ৯৩.৪৯ টকা , ৰন্ধন গেছ ৯৭০.০৮ টকা (১৪.২কেজি)৷ পিয়াজৰ প্ৰতি কিলোগ্ৰামত ৭০ টকা , আলু ৪০ টকা , বিলাহী ৬০ টকা , কেচা মটৰ ৩৫০ টকা , ফুলকবি ২০০টকা , গাজৰ ১৫০ টকা , জিকা ৬০টকা , ভোল ৬০ টকা ৷

ভয়াৱহ অৰ্থনৈতিক সংকট আৰু ক'ৰোণাই বিধস্ত কৰা অৰ্থনীতিৰ পিছত বজাৰত সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে। একেদৰে কাপোৰৰ বজাৰটো জুই লাগিছে ৷ বজাৰত নতুনকৈ উৎপাদিত কপোৰৰ পৰিমাণ কম বুলি জানিব পৰা গৈছে ৷ পুৰণি উৎপাদিত কাপোৰকে কোম্পানী সমূহে বজাৰত নতুনকৈ বিক্ৰীৰ বাবে মেলি দিছে ৷ পুৰণি কপোৰত নতুন ষ্টিকাৰ লগাই বজাৰত পূজাৰ কাপোৰ বিক্ৰীৰ বাবে সাজু কৰা হৈছে ৷
Published by:Manjumoni Borah
First published: