• Home
  • »
  • News
  • »
  • assam
  • »
  • NAGAON : অস্পৃশ্যতা! গাহৰি ফাৰ্ম খুলি এঘৰীয়া হ'ল এটা পৰিয়াল, পুলিচ লগাই ফাৰ্মখন ভাঙি পেলোৱাৰো ভাবুকি ৰাইজৰ

NAGAON : অস্পৃশ্যতা! গাহৰি ফাৰ্ম খুলি এঘৰীয়া হ'ল এটা পৰিয়াল, পুলিচ লগাই ফাৰ্মখন ভাঙি পেলোৱাৰো ভাবুকি ৰাইজৰ

কোনো লোকে এই পৰিয়ালটিৰ সৈতে কথা পাতিলে তেওঁক শান্তি পানী খুৱাই শুদ্ধিকৰণ কৰাৰ নিৰ্দেশ

কোনো লোকে এই পৰিয়ালটিৰ সৈতে কথা পাতিলে তেওঁক শান্তি পানী খুৱাই শুদ্ধিকৰণ কৰাৰ নিৰ্দেশ

কোনো লোকে এই পৰিয়ালটিৰ সৈতে কথা পাতিলে তেওঁক শান্তি পানী খুৱাই শুদ্ধিকৰণ কৰাৰ নিৰ্দেশ

  • Share this:
নগাঁৱৰ দেওবালি কাকতিগাঁৱত সংঘটিত এটা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাখনত। আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাৰে উন্নত জাতৰ গাহৰি পালন কৰাৰ বাবেই এটা পৰিয়ালক চৰম নিৰ্যাতন চলোৱা হৈছে নগাঁৱত।

দেওবালি কাকতিগাঁৱৰ হীৰেন চন্দ্ৰ নাথৰ পুত্ৰ ধন কুমাৰ নাথে নিজ ঘৰৰ পিছফালে সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতিৰে উন্নতজাতৰ গাহৰি পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল। বাংগালুৰুত শ্ৰমিক ৰূপে ৪ বছৰ কাম কৰা ধন কুমাৰ নাথে যথেষ্ট কষ্টৰে ধন সঞ্চয় কৰিছিল। ৪ বছৰৰ পিছত অসমলৈ ঘূৰি আহি ধনে ৪ লক্ষাধিক টকা ব্যয় কৰি এই গাহৰি ফাৰ্মখন খুলিছিল।

কিন্তু ধন কুমাৰ নাথৰ এই কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰে দেওবালি কাকতি গাঁৱৰ ৰাইজে। উপায়হীন হৈ হীৰেন নাথে ধন কুমাৰ নাথক নিজ ঘৰত আছুতীয়াকৈ থাকিবলৈ কয়। পিছে ভাদৰ সংক্ৰান্তিত সমগ্ৰ পৰিয়ালটিকে এঘৰীয়া কৰাৰ সিদ্ধান্ত লয় গাঁৱৰ ৰাইজে।

কাকতিগাঁৱৰ ৰাইজৰ সিদ্ধান্ত অনুসৰি হীৰেন নাথৰ পৰিয়ালক নামঘৰত সোমাৱাত নিষেধাজ্ঞা, গাঁৱৰ মানুহৰ সৈতে কথা-পতাত নিষেধাজ্ঞা, গাঁৱৰ ৰাস্তাত ৰৈ থকাত নিষেধাজ্ঞা আৰোপ কৰা হয়। আনকি কোনো লোকে এই পৰিয়ালটিৰ সৈতে কথা পাতিলে তেওঁক শান্তি পানী খুৱাই শুদ্ধিকৰণ কৰাৰো নিৰ্দেশ দিয়ে।

ইমানতো সন্তুষ্ট নোহোৱা দেওবালি গাঁৱৰ ৰাইজে পুলিচ লগাই ধনৰ ফাৰ্মখন ভাঙি পেলোৱাৰো ভাবুকি দিয়ে। ইয়াৰ পিছতে শোকত ভাগি পৰিছে হীৰেন নাথৰ পৰিয়ালটি। তীব্ৰ মানসিক অশান্তিত দিন পাৰ কৰা এই পৰিয়ালটিৰ শেষ ভৰষা হৈ পৰিছে চৰকাৰ তথা নগাঁও জিলা প্ৰশাসন।

হীৰেন নাথৰ পুত্ৰ ধন কুমাৰ নাথে সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভেৰে কয়, "চাকৰি নাপায় মই নিজাকৈ কিবা এটা কৰি পৰিয়ালটিক চলাবলৈ চেষ্টা কৰিছিলোঁ। বেংকৰ পৰা ঋণ নোলোৱাকৈ কষ্টোপাৰ্জিত ধনেৰে এই ব্যৱসায় আৰম্ভ কৰিছিলোঁ। বানপানীত বহু ক্ষতি হ'ল। তাৰ পিছত আমাৰ পৰিয়ালটিক এইদৰে মানসিক নিৰ্যাতন চলোৱা হৈছে। গাঁৱৰ ৰাইজৰ বাবেই মই কুকুৰা পালন কৰাও বাদ দিলোঁ। এতিয়া গাহৰিবোৰো লৈ যাম বুলি কৈছে। মই কি কৰি খাম চৰকাৰে কওক।"

উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাহানিতে সমাজত অস্পৃশ্যতাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিছিল। কিন্তু গুৰুজনাৰ জন্মভূমিতে একবিংশ শতিকাত সংঘটিত এই ঘটনাই সমাজত একাংশ লোকৰ অজ্ঞতাক পুনৰ উদঙাই দেখুৱাইছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি