• Home
  • »
  • News
  • »
  • assam
  • »
  • Baby Rhino Krishna : কেনে আছে কাজিৰঙাত বানত উদ্ধাৰ হোৱা কৃষ্ণ, মাকৰ অবিহনে কৃষ্ণৰ স্বাস্থ্যৰ অৱস্থা কেনে হৈছে কল্পনা কৰিব পাৰেনে!

Baby Rhino Krishna : কেনে আছে কাজিৰঙাত বানত উদ্ধাৰ হোৱা কৃষ্ণ, মাকৰ অবিহনে কৃষ্ণৰ স্বাস্থ্যৰ অৱস্থা কেনে হৈছে কল্পনা কৰিব পাৰেনে!

সাধাৰণতে এমাহৰ ভিতৰত মাক বিহীন গঁড় পোৱালিৰ স্বাস্থ্য সম্পৰ্কীয় জটিলতা দেখা দিয়ে যদিও বৰ্তমান এমাহতকৈ অধিক সময় পাৰ হ'ল যদিও কোনো স্বাস্থ্য সম্পৰ্কীয় জটিলতা নাই কৃষ্ণৰ।

  • Share this:
এমাহতকৈ অধিক সময় পৰিচৰ্যাৰ অন্তত বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ উঠিছে শেহতীয়া বানত কাজিৰঙাত উদ্ধাৰ হোৱা  গঁড়ৰ পোৱালীটো। মাত্ৰ দহ দিনীয়া, মাতৃৰ পৰা বিছিন্ন হোৱা কৃষ্ণ এতিয়া লালিত-পালিত হৈছে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰ চমুকৈ CWRCত। উদ্ধাৰ কৰাৰ পাছৰ পৰাই মাতৃস্নেহ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰই। কেন্দ্ৰটোত চিকিৎসা আৰু পৰিচৰ্যাৰ মাজত সুস্থ হৈ উঠিছে গঁড়ৰ পোৱালিটো ৷

শেহতীয়া বানত আগষ্ট মাহত কৃষ্ণ জন্মাষ্টমীৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখৰ এটা হাইলেণ্ডত উদ্ধাৰ হৈছিল মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা গঁড় পোৱালিটো। জন্মাষ্টমীৰ দিনা উদ্ধাৰ হোৱাৰ বাবে চিনাক্তকৰণত সুবিধা হোৱাকৈ পোৱালিটোৰ নাম কৃষ্ণ ৰাখিলে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰই ৷ কেন্দ্ৰটোৰ চিকিৎসা কৰ্মীৰ পৰিচৰ্যা তথা চেনেহৰ মাজত নতুন জীৱন আৰম্ভ কৰিছে গঁড় পোৱালিটোৱে৷

সাধাৰণতে এমাহৰ ভিতৰত মাক বিহীন গঁড় পোৱালিৰ স্বাস্থ্য সম্পৰ্কীয় জটিলতা দেখা দিয়ে যদিও বৰ্তমান এমাহতকৈ অধিক সময় পাৰ হ'ল যদিও কোনো স্বাস্থ্য সম্পৰ্কীয় জটিলতা নাই গঁড়ৰ পোৱালিটোৰ। গতিকে কেন্দ্ৰটোৰ পশু চিকিৎসক চামচুল আলীৰ মতে গঁড়ৰ পোৱালিটো বৰ্তমান সম্পূৰ্ণ সুস্থ।

উল্লেখ্যে যে বিগত বৰ্ষ সমূহত বানত মাতৃৰ পৰা বিছিন্ন হোৱা আন চাৰিটা গঁড় পোৱালি এতিয়াও প্ৰতিপালিত হৈ আছে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত।
Published by:Manjumoni Borah
First published: