পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ আৰম্ভ কৰিছে প্ৰকৃতিয়ে বিধ্বস্ত কৰা নিউ হাফলং ৰে’ল ষ্টেচনলৈ। বান–ভূমিস্খলনে তচনচ কৰি পেলোৱা পাহাৰীয়া ৰে’ল ষ্টেচনটো লাহে লাহে প্ৰাই পাই উঠিছে। প্ৰকৃতিৰ ধ্বংসলীলাৰ প্ৰায় ৪০ দিনৰ মূৰত লাহে লাহে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব ধৰিছে নিউ হাফলং ষ্টেচনলৈ।
ইতিমধ্যে নিউ হাফলং-বদৰপুৰৰ মাজত ৰে’লপথ সূচল হোৱাৰ উপৰি পৰীক্ষামূলকভাৱে ইঞ্জিন ৰোলিঙৰ উপৰি মাইগ্ৰেনদিচা ষ্টেচনত ৰখাই থকা পেট্ৰ’লিয়াম সামগ্ৰীভৰ্তি ট্ৰেন বদৰপুৰ লৈ যোৱা হৈছে। এন এফ ৰে’ল কৰ্তৃপক্ষই শিলচৰ আৰু নিউ হাফলঙৰ মাজত যাত্ৰীবাহী ৰে’ল চলোৱাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে প্ৰকৃতিৰ ৰোষত পৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল পাহাৰীয়া জিলাখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ৰে’ল ষ্টেচনটো। বান আৰু ভূমিস্খলনৰ ফলত একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছিল ষ্টেচনটো। এই ষ্টেচনটোতে পানীৰ সোঁতে বগৰাই পেলাইছিল ট্ৰেকত ৰৈ থকা ৰে’ল। বোকা–পানীৰে ভৰি পৰিছিল সমগ্ৰ ষ্টেচন। চৰকাৰ তথা ৰে’ল বিভাগৰ প্ৰচেষ্টাত সৌন্দৰ্যৰ ৰাণী হাফলঙৰ এই ষ্টেচনটোৱে পুনৰ প্ৰাণ উঠিবলৈ আৰম্ভ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|