‘নগাঁও, মৰিগাঁৱৰ আধা অংশ বাংলাদেশী মুছলমানৰ হাতলৈ গ’ল, বোকাখাতৰ দুৱাৰমুখতো বাংলাদেশী’

News18 Assam | News18-Assam
Updated:January 24, 2020, 4:52 PM IST
‘নগাঁও, মৰিগাঁৱৰ আধা অংশ বাংলাদেশী মুছলমানৰ হাতলৈ গ’ল, বোকাখাতৰ দুৱাৰমুখতো বাংলাদেশী’
বোকাখাতত আজি বিজেপি আৰু অসম গণ পৰিষদে আয়োজন কৰা সংকল্প সমাৰোহত তাৎপৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

বোকাখাতত আজি বিজেপি আৰু অসম গণ পৰিষদে আয়োজন কৰা সংকল্প সমাৰোহত তাৎপৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

  • Share this:
বোকাখাতত আজি বিজেপি আৰু অসম গণ পৰিষদে আয়োজন কৰা সংকল্প সমাৰোহত তাৎপৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অগপ আৰু বিজেপিৰ নেতৃত্বৰ উপস্থিতিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে, অসমত এতিয়া চলিছে বাংলাদেশী মুছলমানৰ আগ্ৰাসন। নগাঁও, মৰিগাঁও, গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি জিলাৰ আধা অংশ কাঢ়ি ল’লে বাংলাদেশীয়ে। বোকাখাতৰ দুৱাৰমুখতো এতিয়া বাংলাদেশী। ’

মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘কাজিৰঙাৰ গড় হত্যা ৰোধ কৰিছে বিজেপি চৰকাৰে। কাজিৰঙাৰ পৰা অবৈধ নাগৰিকক উচ্ছেদ কৰিলে বিজেপি চৰকাৰে। বিজেপিয়ে আজমল বাহিনীৰ বিৰুদ্ধে যুঁজ দিব। যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব, তেতিয়ালৈকে অসমত এজনো বিদেশীয়ে প্ৰৱেশ কৰিব নোৱাৰিব। অসমকলৈ হেতালি খেলিবলৈ কাকো সুবিধা নিদিয়ে বিজেপিয়ে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি