AICCৰ সভাপতি পদত মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচিত বুলি ঘোষণাৰ পিছতে ভূপেন বৰাক আদৰিলে ৰাজীৱ ভৱনত। ৰাজীৱ ভৱনৰ পদূলিত সীমিতসংখ্যক দলীয় কৰ্মীৰ উপস্থিতিত মিঠাই খালে সভাপতি ভূপেন বৰাই।
লগতে আনকো বৰাই খুৱালে মিঠাই। বৰাই কয় যে সভাপতি মল্লিকাৰ্জুন খাৰ্গে নিৰ্বাচিত হোৱাক লৈ দলৰ মাজত কোনো আন্তঃকন্দল নাই। থাৰু আৰু খাৰ্গেৰ মাজতো কোনো অসন্তুষ্টি নাই। প্ৰদুৎ বৰদলৈয়ে শুভেচ্ছা জনাইছে বুলি মন্তব্য কৰি বৰাই কয় অসম প্ৰদেশ কংগ্ৰেছত ৰেগিঙক লৈ কোনো সমস্যা নাই।
নতুন সভাপতি খাৰ্গে দীৰ্ঘদিনৰ অভিজ্ঞতাৰে পুষ্ট, গতিকে তেওঁ সঠিকভাৱে দলটো আগুৱাই নিব পাৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।