உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • '৩০ বছৰে দলক সেৱা কৰাৰ ফল পালো, দুখ পাইছো'- দিছপুৰত বিজেপিৰ টিকট বঞ্চিত জয়ন্ত দাসে অতুল বৰাক জনালে প্ৰত্যাহ্বান

    '৩০ বছৰে দলক সেৱা কৰাৰ ফল পালো, দুখ পাইছো'- দিছপুৰত বিজেপিৰ টিকট বঞ্চিত জয়ন্ত দাসে অতুল বৰাক জনালে প্ৰত্যাহ্বান

    নিৰ্বাচনত নামিলে অতুল বৰাক হৰুৱাইহে এৰিম মইঃ জয়ন্ত দাস

    নিৰ্বাচনত নামিলে অতুল বৰাক হৰুৱাইহে এৰিম মইঃ জয়ন্ত দাস

    নিৰ্বাচনত নামিলে অতুল বৰাক হৰুৱাইহে এৰিম মইঃ জয়ন্ত দাস

    • Share this:
    দিছপুৰ সমষ্টিৰ শাসকীয় দলৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে এতিয়া আকৰ্ষণীয় হৈ পৰিছে সমষ্টিটোৰ ৰাজনৈতিক প্ৰেক্ষাপট। প্ৰায় ৩০বছৰ ধৰি বিজেপি দলৰ এজন নিষ্ঠাবান কৰ্মীৰূপে সেৱা আগবঢ়াই অহা যুৱ নেতা জয়ন্ত দাসক বঞ্চিত কৰি দিছপুৰ সমষ্টিত দলীয় টিকট লাভ কৰিলে বৰ্তমান বিধায়ক অতুল বৰাই।

    অতুল বৰাক দলীয় টিকট প্ৰদান কৰাৰ পিছেতে দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ আগত নিৰ্দলীয় প্ৰাথী হিচাপে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছিল জয়ন্ত দাসে ৷ যুৱ নেতা জয়ন্ত দাসৰ এই ঘোষণাৰ পিছতে অতুল বৰাই আদৰণি জনাইছিল জয়ন্ত দাসক ৷  নিৰ্দলীয় হিচাপে জয়ী হৈ দেখুৱাবলৈ প্ৰত্যাহ্বান জনাইছিল জয়ন্ত দাসক ৷

    অতুল বৰাৰ মতে, জয়ন্ত দাসৰ নিৰ্বাচন খেলাৰ এটা সপোন আছিল ৷ সেয়ে তেওঁ নিদৰ্লীয় প্ৰাথী হিচাপে অৱতীৰ্ণ হ'ব খোজাত তেওঁৰ কোনো আক্ষেপ নাই। বৰঞ্চ আদৰণিহে জনাইছে। অতুল বৰাৰ অভিযোগ, যোৱা বিধানসভা নিৰ্বাচনত তেওঁক হৰুৱাবলৈ কংগ্ৰোছৰ পৰা ছয়মাইলত জয়ন্ত দাসে লৈছিল বৃহৎ পৰিমাণৰ ধন ৷ কিন্তু তাৰ পিছতো নিৰ্বাচনত সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হৈছিল তেওঁ ৷

    ইপিনে টিকটৰ পৰা বঞ্চিত বিজেপিৰ যুৱ নেতা জয়ন্ত দাসৰ স্পষ্ট কথা, '৮৭ৰ পৰা অতুল বৰাক হৰুওৱাৰ সপোন মনত পুহি ৰাখিছিলো ৷ অতুল বৰাৰ বিৰুদ্ধে  প্ৰতিদ্বন্দিতা কৰাৰ হেঁপাহ আছিল ৷ নিৰ্বাচনত নামিলে তেওঁক হৰুৱাইহে এৰিম মই ৷'

    দুখ প্ৰকাশ কৰি জয়ন্ত দাসে লগতে কয় যে, '৩০বছৰ দলৰ কাৰণে উচৰ্গা কৰাৰ ফল আজি মই পালো ৷ দুখ পাইছো। যিজন মুখ্যমন্ত্ৰীয়ে মোক দিনত ৫৫বাৰ ফোন কৰে, আজি এবাৰ ফোন কৰি মোক সান্তনা নিদিলে ৷ মই আচৰিত হৈছো। ৰাইজে নাকচ কৰা এজন ব্যক্তিক টিকট দিলে ৷  দিছপুৰীয়া ৰাইজে ব্যৰ্থতাৰ প্ৰতীক অতুল বৰাক কেতিয়াও নিবিচাৰে ৷ দলে টিকটহে দিছে। সিদ্ধান্ত ৰাইজে ল'ব ৷'

    জয়ন্ত দাসৰ মতে, কা'ৰ বিৰুদ্ধে মাত মাতি ৰাজনৈতিক অভিসন্ধী ৰচিছিল অতুল বৰাই। মই এতিয়া নিৰ্বাচন খেলিবলৈ সম্পুৰ্ণ সাজু ৷ মঙলবাৰৰ ভিতৰত দলীয় কৰ্মকতাৰে আলোচনা কৰি আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিম ৷'
    Published by:Himangshu Bhuyan
    First published: