உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘আমি অৰুণোদয়, কনকলতাক লৈ যাম, তেওঁলোকে চান্দা বহী লৈ যাব’- AJPক এতিয়া আক্ৰমণৰ লক্ষ্য ইজনৰ পিছত সিজন বিজেপি নেতাৰ

    ‘আমি অৰুণোদয়, কনকলতাক লৈ যাম, তেওঁলোকে চান্দা বহী লৈ যাব’- AJPক এতিয়া আক্ৰমণৰ লক্ষ্য ইজনৰ পিছত সিজন বিজেপি নেতাৰ

    ‘অসম জাতীয় পৰিষদক এতিয়া প্ৰতিদিনে লক্ষ্য কৰি লৈছে বিজেপিৰ নেতা-মন্ত্ৰীয়ে।

    ‘অসম জাতীয় পৰিষদক এতিয়া প্ৰতিদিনে লক্ষ্য কৰি লৈছে বিজেপিৰ নেতা-মন্ত্ৰীয়ে।

    ‘অসম জাতীয় পৰিষদক এতিয়া প্ৰতিদিনে লক্ষ্য কৰি লৈছে বিজেপিৰ নেতা-মন্ত্ৰীয়ে।

    • Share this:
    আগন্তুক ২০২১ত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে তত্‍পৰতা। বিশেষতকৈ অহা নিৰ্বাচনত শাসকীয় বিজেপিক উৎখাতৰ লক্ষ্যৰে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম হোৱা হোৱা নতুন ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদক’ লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা চলিছে।

    ‘অসম জাতীয় পৰিষদক এতিয়া প্ৰতিদিনে লক্ষ্য কৰি লৈছে বিজেপিৰ নেতা-মন্ত্ৰীয়ে। আত্মপ্ৰকাশ কৰাৰ দিনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দলটোৱে চান্দা তুলি ব্যৱসায়ীক হাৰাশাস্তি কৰিব নালাগে বুলি তীৰ্যক মন্তব্য কৰাৰ পিছতে এইবাৰ এইবাৰ আছুৰ ৰাজনৈতিক দলটোলৈ তীব্ৰ বাক্যবান বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাৰ।

    বুধবাৰে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে বিজেপিয়ে আৰম্ভ কৰা ‘সেৱা সপ্তাহ’ৰ লগত সংগতি ৰাখি যোৰহাট জিলা যুৱ মৰ্চাই টীয়কত অনুষ্ঠিত কৰা এক ৰক্তদান শিবিৰত অংশ ল’বলৈ আহি বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্তমল্ল বৰুৱাই কটাক্ষ কৰিবলৈ নাপাহৰিলে নতুন ৰাজনৈতিক দলটোক। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত অসম জাতীয় পৰিষদক লৈ জয়ন্তমল্ল বৰুৱাই ক'লে - ‘আমি ৰাইজৰ কাষলৈ অৰুণোদয়, কনকলতাৰ দৰে বহুমুখী আঁচনি লৈ যাম। কিন্তু তেওঁলোকে চান্দা বহীলৈহে যাব। গতিকে ৰাইজে কাক আদৰি ল’ব, সেয়া সহজেই অনুমেয়।’

    ইপিনে এই সাক্ষাৎকাৰত ২০২১ৰ নিৰ্বাচনত বিৰোধী শূন্য হ’ব বুলি দাবী কৰিছে বিজেপিৰ ৰাজ্যিক  উপ-সভাপতিগৰাকীয়ে। আৰু এই ক্ষেত্ৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাই বিশেষ ভাবে সহায় কৰিব বুলিও কয় বিজেপি নেতাজনে।
    Published by:Himangshu Bhuyan
    First published: