যোৰহাটতো হ’ব নেকি গুৱাহাটীৰ দৰে সম্পূৰ্ণ ল’ক ডাউন? ট্ৰেভেল হিষ্ট্ৰী নথকা লোক আক্ৰান্ত হৈছে কোৰোণাত

- News18 Assam
- Last Updated: July 1, 2020, 7:22 PM IST
মাস্ক পৰিধান নকৰা লোকৰ পৰা যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষীয়ে এক লক্ষাধিক টকাৰ জৰিমনা সংগ্ৰহ কৰিছে বিগত কেইদিনত। আনহাতে অচিৰেই যোৰহাটৰ নগৰ অঞ্চলৰ বাহিৰতো শণি আৰু দেওবাৰে সম্পূৰ্ণ ল’কডাউন বলৱৎ কৰিবলৈ যাৱতীয় পদক্ষেপৰ বাবে চৰকাৰৰ অনুমতিৰ অপেক্ষাত আছে যোৰহাট জিলা প্ৰশাসন। চৰকাৰৰ নিৰ্দেশ অনুসৰি যোৱা সপ্তাহৰ পৰা শণি আৰু দেওবাৰে ৰাজ্যৰ পৌৰসভা আৰু নগৰ সমিতিৰ অন্তৰ্গত অঞ্চলসমূহত সম্পূৰ্ণ ল’ক ডাউন বলৱৎ কৰা হৈছিল। কিন্তু শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰহাটত নগৰ অঞ্চলৰ বাহিৰতো ল’ক ডাউন বলৱৎ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
" ৰাইজক সজাগ , সচেতন হ’বলৈ আমি আহ্বান জনাইছো। বিগত কেইদিনমানত মাস্ক নিপিন্ধা লোকৰ পৰা এক লাখতকৈ অধিক টকাৰ জৰিমনা সংগ্ৰহ কৰা হৈছে। যোৰহাটত শণি আৰু দেওবাৰে নগৰ অঞ্চলৰ বাহিৰতো লকডাউন বলৱৎ কৰিবলৈ যোৰহাটৰ উপায়ুক্তই যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ অনুমতি লাভ কৰিলেই যোৰহাটত সেয়া বলৱৎ কৰা হব। " , যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত তপন গোহাঁইয়ে নিউজ18 ক এনেদৰে কয় ।