যোৰহাটত (Jorhat) এগৰাকী নাবালিকাক দুজন যুৱকে বলাৎকাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। ইতিমধ্যে এই অভিযোগত ভোগদৈ আৰক্ষীয়ে বেদব্ৰত নেওগ আৰু বিকাশ শইকীয়া নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। পেছাগতভাৱে দুয়ো গাড়ীৰ চালক।
বুধবাৰে নিশা যোৰহাট নগৰৰ চেঙেলী গাঁৱৰ এটা গুদামত এই ঘটনা সংঘটিত হৈছিল> যোৰহাটৰ ভোগদৈ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু নাবালিকাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। কিন্তু এই অভিযোগ নস্যাৎ কৰিছে দুয়োগৰাকী অভিযুক্তই।
যুৱক দুজনৰ মতে, তেওঁলোকৰ ওপৰত মিছা অভিযোগ জাপি দিয়া হৈছে। নাবালিকাগৰাকীক গাড়ীত লিফ্ট দি উঠাই অনাৰ পিছত যোৰহাটত উপস্থিত হোৱাৰ পিছত নাবালিকাগৰাকীয়ে ধনৰ বিনিময়ত যুৱক দুজনৰ সৈতে নিশা কটোৱাৰ প্ৰস্তাৱ দিয়া বুলি জানিবলৈ দিছে অভিযুক্ত যুৱকদুজনে।
নাবালিকাগৰাকীয়ে হঠাৎ ধন লৈ পলাই যাবলৈ চেষ্টা কৰোতে যুৱকদুজনে খেদি গৈ ধৰে আৰু তাৰ পিছত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় বুলি জানিবলৈ দিছে অভিযুক্তই। তাৰ পিছতে এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হোৱাত আৰক্ষীয়ে যুৱক দুজনক কৰায়ত্ত কৰে বুলি জানিবলৈ দিছে যুৱকদ্বয়ে।
ধৃত যুৱকদুজনে নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিলে সকলো স্পষ্ট হ’ব বুলি দাবী কৰিছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত আৰম্ভ কৰাৰ লগতে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 03, 2023, 15:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।