২০১৫ চনত মাতৃৰ বুকু উদং কৰি হঠাত্ নোহোৱা হৈ গৈছিল এটি কণমানি শিশু। সন্তানৰ কোনো সন্ধান লাভ নকৰি মাতৃও মানসিক ভাবে অস্থিৰ হৈ পৰিছিল। বহু চেষ্টা কৰিও পিতৃ-মাতৃয়ে বিচাৰি পোৱা নাছিল নিজৰ ৫ বছৰীয়া সন্তানটিক। আৰু এই সুদীৰ্ঘ পাঁচ বছৰ পুত্ৰৰ অবিহনেই দিন পাৰ কৰিছিল দুৰ্ভগীয়া মাতৃগৰাকীয়ে। কিন্তু হঠাত্ বৃহস্পতিবাৰে আহিল এটা ভাল খবৰ! বিচাৰি থকা পুত্ৰৰ সন্ধান অৱশেষত লাভ কৰিলে মাতৃগৰাকীয়ে।
জানিব পৰা মতে, ২০১৫ চনত শিশুটিক এখন ৰে’লৰ পৰা উদ্ধাৰ কৰিছিল RPFয়ে ৷ শিশুটিয়ে মুখেৰে মাতিব নোৱাৰে। সেয়েহে ক’ত ঘৰ, কি কথা একো ক’ব নোৱাৰিলে শিশুটিয়ে। পিছত RPFয়ে বঙাইগাঁৱৰ শিশু কল্যাণ সমিতিক গোটাই দিয়ে কণমানি শিশুটিক ৷ প্ৰথম অৱস্থাত কিছুদিন গোৱালপাৰাৰ শিশু গৃহত থকাৰ পিছত গুৱাহাটীৰ ডেষ্টিনেচন হোমলৈ প্ৰেৰণ কৰা হয় শিশুটিক ৷ শিশুটিয়ে মুখেৰে মাতিব নোৱাৰাৰ বাবে পিতৃ-মাতৃৰ সন্ধান শিশু সুৰক্ষা সমিতিয়ে লাভ কৰা নাছিলে ৷ কিন্তু শেহতীয়াকৈ ৰাজ্যখনৰ শীৰ্ষ আৰক্ষী মহল আৰু CIDৰ সৈতে গোৱালপাৰা শিশু সুৰক্ষা সমিতিয়ে যোগাযোগ কৰে আৰু শিশুটিৰ ঠিকনা উদ্ধাৰৰ বাবে আহ্বান জনায়৷
CIDৰ অনুসন্ধানত শিশুটিৰ পৰিচয় লাভ কৰাৰ লগতে ঘৰ এলাহাবাদত বুলি আৰক্ষী নিশ্চিত হয়। সেই মৰ্মে শিশুটিৰ মাতৃ-পুত্ৰৰ সৈতে যোগাযোগ হয় আৰু সঠিক নথিপত্ৰৰ ভিত্তিত সুদীৰ্ঘ ৫ বছৰ পিছত মাকক পুনৰ গটাই দিয়ে শিশুটিক ৷