স্বস্তিৰ নিশ্বাস! প্ৰায় পাঁচ মাহৰ পিছত সম্পূৰ্ণৰূপে নিৰ্বাপিত হ’ল বাঘজানৰ জুই

News18 Assam | News18-Assam
Updated:November 15, 2020, 9:28 PM IST
স্বস্তিৰ নিশ্বাস! প্ৰায় পাঁচ মাহৰ পিছত সম্পূৰ্ণৰূপে নিৰ্বাপিত হ’ল বাঘজানৰ জুই
গাওঁবাসীৰ মুখলৈ ঘূৰি আহিল হাঁহি

গাওঁবাসীৰ মুখলৈ ঘূৰি আহিল হাঁহি

  • Share this:
অৱশেষত প্ৰায় পাঁচ মাহৰ পিছত সম্পূৰ্ণ ৰূপে নিৰ্বাপিত হ’ল বাঘজানৰ তৈলখাদত লগা জুই। এই কথা টুইটাৰ যোগে জনাইছে অইল ইণ্ডিয়া লিমিটেডে। অইলৰ ফালৰ পৰা জনোৱা মতে, এতিয়া কোনো ধৰণৰ গেছৰ চাপ নাই তৈলখাদটোত। ইফালে পুনৰ গেছ নিৰ্গত হোৱাৰ অৱকাশ আছে নেকি, সেই দিশতো আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত পৰীক্ষা-নিৰীক্ষা কৰা হ’ব বুলি জনোৱা হৈছে অইল ইণ্ডিয়াৰ ফালৰ পৰা।



দেওবাৰে প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ পি চন্দ্ৰশেখৰণ, পি কে গোস্বামী, আৰু মুখ্য আৱাসিক কাৰ্যবাহী ডি কে দাসে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি বিশেষজ্ঞৰ সৈতে এখন বৈঠকত মিলিত হৈছিল। আৰু তাৰ পিছতেই এই কথা নিশ্চিত হয়। উল্লেখ্য যে, যোৱা ৭ জুনত তৈলখাদটোত জুইৰ সূত্ৰপাত হৈ সমগ্ৰ অঞ্চলজুৰি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল।
Published by: Himangshu Bhuyan
First published: November 15, 2020, 8:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি