মুখ্যপৃষ্ঠা »খবৰ »অসম »Lobhita : আৱাহনৰ মঞ্চত ''লভিতা''ই পাব অন্য নাম! প্ৰযোজক–অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে বিতৰ্কক লৈ দিলে এনে অভিমত

Lobhita : আৱাহনৰ মঞ্চত ''লভিতা''ই পাব অন্য নাম! প্ৰযোজক–অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে বিতৰ্কক লৈ দিলে এনে অভিমত

''পুনৰ দোহাৰিছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ আমাৰ অসমীয়া সমাজৰ সাহস তথা সমাজ স্ৰষ্টা,তেখেতৰ সৃষ্টিক বিকৃত কৰাৰ ধৃষ্টতা কোনো অসমীয়াৰ নাই...''

''পুনৰ দোহাৰিছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ আমাৰ অসমীয়া সমাজৰ সাহস তথা সমাজ স্ৰষ্টা,তেখেতৰ সৃষ্টিক বিকৃত কৰাৰ ধৃষ্টতা কোনো অসমীয়াৰ নাই...''

''পুনৰ দোহাৰিছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ আমাৰ অসমীয়া সমাজৰ সাহস তথা সমাজ স্ৰষ্টা,তেখেতৰ সৃষ্টিক বিকৃত কৰাৰ ধৃষ্টতা কোনো অসমীয়াৰ নাই...''

  • Share this:
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক 'লভিতা'ক ভ্ৰাম্যমাণৰ মঞ্চত বিকৃত কৰা বুলি ভাৰতীয় গণনাট্য সংঘকে ধৰি ভালকেইটা সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে। ইয়াকে লৈ সামাজিক মাধ্যমতো অব্যাহত আছে সমালোচনা।

এই সন্দৰ্ভত আজি আৱাহান থিয়েটাৰৰ পৰা প্ৰযোজক তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ফেচবুক পোষ্টযোগে দিয়ে স্পষ্টীকৰণ। তেওঁ জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিৰ প্ৰতি সদায়ে শ্ৰদ্ধাশীল বুলি উল্লেখ কৰি লভিতা নাটৰ নাম সলনি কৰাৰ ব্যৱস্থা কৰাৰ বিষয়েও জানিবলৈ দিয়ে।

অভিনেত্ৰী পৰাশৰে লিখিছে– ''আৱাহন থিয়েটাৰৰ দীৰ্ঘদিনীয়া গৰিমা অক্ষুন্ন ৰাখি প্ৰতিনিয়ত চেষ্টা কৰি আহিছোঁ যাতে সুস্থ আৰু ৰুচি সম্পন্ন নাটক দর্শকক উপহাৰ দিব পাৰো,তাৰে উদাহৰণ হৈছে মূলা গাভৰু, জয়মতীৰ দৰে নাট সমূহ।চলিত বৰ্ষত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ অমৰ সৃষ্টি ৰ আলম লৈ এক পৃথক নাট্য ৰূপ হৈছে আৱাহন থিয়েটাৰত মঞ্চস্থ হোৱা লভিতা,যিহেতু দুখন মঞ্চৰ কথা আগত ৰাখি লভিতা নাট খন লিখা হোৱা নাছিল গতিকে ভ্ৰাম্যমাণৰ মঞ্চত উপস্থাপন কৰিবলৈ যাওঁতে যথেষ্ট সালসলনি তথা সম্পাদনাৰ প্ৰয়োজন হ'ব পাৰে ,যিটো কৰাৰ সাহস আমাৰ নাই।স্বাধীনতা সংগ্ৰামৰ সেই সময় খিনি ,বিভিন্ন মতবাদৰ উত্থান তথা শ্বহীদ সকলৰ ত্যাগ ,এই সকলো দিশ সামৰি এক সুস্থ ৰূপত দৰ্শকৰ ওচৰলৈ নিয়াৰ এক প্ৰয়াস আৱাহণৰ এই নাট খনৰ যোগেদি।ৰূপকোঁৱৰ দেৱৰ চিৰযুগমীয়া সৃষ্টি সমূহ ৰ অবিহনে অসমীয়া জাতি আমাৰ কল্পনাৰো অগোচৰ,তেখেতৰ প্ৰতি একাজলি শ্ৰদ্ধাঞ্জলি আমাৰ এই প্ৰয়াস।(এই সকলো খিনি স্পষ্ট ঘোষণাৰ যোগেদি নাট খনৰ প্ৰথমতেই দিয়া হৈছে) ।যিহেতু এই নাটখন এক পৃথক নাট্যৰূপ ,তেখেতৰ আন এখন নাটৰ এটি গীত (মোৰে জীৱনৰে সখা কৃষ্ণ)অতি সৱলীল ৰূপত উপস্থাপন কৰা টো তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি।নাট খনৰ কোনো অংশত তেখেতৰ সৃষ্টিক বিকৃত কৰাৰ চেষ্টা বা সাহস আমি কৰা নাই বা কেতিয়াও কল্পনাই কৰিব নোৱাৰো।যি সকলে নাট খন প্ৰত্যক্ষ কৰিছে তেওঁলোকেই এই সত্যৰ সাক্ষী।সমালোচনা সকলোৰে সৃষ্টিৰ অপৰিহাৰ্য অংগ। কেৱল সুস্থ তথা স্পষ্ট সমালোচনাই সমাজ গঢ়ে।ব্যক্তিগত আক্ৰোশে দুখ দিয়ে। মঞ্চস্থ হৈ থকা নাট খনত কোনো দিশত আধুনিকীকৰণ বা বিকৃত পৰিবেশন নাই ,গতিকে যি সকলে তেনে হোৱা বুলি অনুভৱ কৰিছে নাটখন সম্পূৰ্ণকৈ চাই আমাক স্পষ্ট ৰূপত আঙুলিয়াই দিলে আমি কৃতাৰ্থ হ'ম। ভাৰত মাতা কি জয় এক স্বাভাৱিক স্বতঃস্ফুট শ্লোগান প্ৰতিজন ভাৰতীয়ৰ, বিশেষকৈ স্বাধীনতা সংগ্ৰামৰ সময়ৰ।
মাথোঁ এটি কথাই আমাকো ব্যথিত কৰিছে যে অনাগত সময়ত যদি নামটো একে হোৱাৰ বাবে সমাজত বিভ্ৰান্তিৰ সৃষ্টি হয় সেইয়া আমাৰ বাবে অতি দুৰ্ভাগ্যজনক কথা।এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে নাম পৃথক কৰাৰ ব্যৱস্থা লোৱা হৈছে।
আমাৰ এক বিনম্ৰ অনুৰোধ সকলোকে যদি কিবা ভুল ৰৈ গৈছে নাটখন চাই উনুকিয়াই দিয়ক সুস্থ ৰূপত।
পুনৰ দোহাৰিছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ আমাৰ অসমীয়া সমাজৰ সাহস তথা সমাজ স্ৰষ্টা,তেখেতৰ সৃষ্টিক বিকৃত কৰাৰ ধৃষ্টতা কোনো অসমীয়াৰ নাই,তেনে কৰা বুলি কৈ আমাৰ তেখেতৰ প্ৰতি থকা শ্ৰদ্ধাক যেন অপমানিত নকৰে।
(যি সকলে ইতিমধ্যে নাটখন চাইছে কমেণ্ট ৰ যোগেদি জনাওঁক কেনে পাইছে যদি কিবা বিকৃত পাইছে সেয়াও জনাওঁক মাথোঁ অনুৰোধ নোচোৱাকৈ একপক্ষীয় কমেণ্ট নকৰিব।)''

উল্লেখ্য, আজি লভিতা নাটখন বিকৃতভাৱে আৱাহন থিয়েটাৰত মঞ্চস্থ বন্ধ কৰা বুলি অভিযোগ তুলি ভাৰতীয় গণনাট্য সংঘই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি স্মাৰকপত্ৰ প্ৰদান কৰিছিল। সংগঠনটোৱে আনকি নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ওপৰত গোচৰ ৰুজু কৰি শাস্তি বিহাৰো দাবী তুলিছিল। সংগঠনটোৰ মতে,
জ্যোতিপ্ৰসাদৰ দৰে পুৰোধা ব্যক্তিৰ ৰচনাৰাজি বিকৃতকৰণ ভাৰতীয় গণনাট্য সংঘ তথা অসমৰ বৌদ্ধিক-সাংস্কৃতিক সমাজে কেতিয়াও সহ্য নকৰে।

শেহতীয়া বাতৰি