কাইলৈ অসম বিধানসভাত দাখিল কৰা হ’ব ২০২০–২১বৰ্ষৰ বিত্তীয় বাজেট
কাইলৈ অসম বিধানসভাত দাখিল কৰা হ’ব ২০২০–২১বৰ্ষৰ বিত্তীয় বাজেট
কাইলৈ অসম বিধানসভাত দাখিল কৰা হ’ব ২০২০–২১বৰ্ষৰ বিত্তীয় বাজেট। বাজেট দাখিলৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ বিত্ত তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ মন্তব্য। এতিয়াৰ পৰা কেৱল ৰাস্তা নিৰ্মাণ কৰিলেই ধন নাপাব অভিযন্তাই। নিৰ্মাণ কৰা ৰাস্তা কিমান গুণগত হৈছে সেই দিশটোক গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে মুকলাই দিব ধন।
মন্ত্ৰী শৰ্মাই কয় যে, ‘ অহা এপ্ৰিলত আমি বিজ্ঞাপন দিম ৰাইজক সজাগতা কৰিবলৈ ৷ নিৰ্মাণ কৰা ৰাস্তা কিমান গুণগত, তাক সহজে বুজি পাব ৰাইজে ৷ নূন্যতম দহটা পইণ্ট আমি ৰাইজক জনাম ৷ এতিয়া অভিযন্তাই নিৰ্মাণ কৰা ৰাস্তাৰ নিৰ্জন স্থানৰ পৰা তুলি আনি জমা দি আছে ৷ মই কৈছো এনে ফটো গ্ৰহণ কৰা নহ'ব ৷ অভিযন্তাক কৈছো, নূন্যতম ৫০ জন স্থানীয় মানুহৰ উপস্থিতিত ফ'টো তুলিব লাগিব ৷ যাতে ৰাইজে গম পাই কি ৰাস্তা বনোৱা হ'ল!ফটোৰ বেকগ্ৰাউণ্ডত ৫০ জন মানুহ থাকিবই লাগিব ৷ নহ'লে টকা নাপাব।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|